অসমৰ সংবাদ জগতৰ আজি এক গৌৰৱৰ দিন। চলিত বৰ্ষতে অসমৰ ক্ৰীড়া সাংবাদিকতাই এশ বছৰত পদাৰ্পন কৰিছে। ১৯২৩ চনৰ ১ জুলাইত চন্দ্ৰ কুমাৰ আগৰৱালাৰ প্ৰকাশিত ‘অসমীয়া’নামৰ কাকতখনত অবিভক্ত অসমৰ প্ৰথমটো ক্ৰীড়া সংবাদ প্ৰকাশ পাইছিল। অসম ক্ৰীড়া সাংবাদিক সংস্থাই অসমৰ ক্ৰীড়া সাংবাদিকতাৰ শতবৰ্ষ এই ঐতিহাসিক ক্ষণটো সমগ্ৰ অসমবাসীৰ বাবে চিৰস্মৰণীয় কৰি ৰাখিবলৈ বৰ্ষজোৰা (২ জুন ২০২২ চনৰ পৰা ১ জুন ২০২৩ চনলৈ) বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিশ্ব ক্ৰীড়া সাংবাদিকতা দিৱস উপলক্ষে আজি দক্ষিণ কামৰূপৰ মিৰ্জাত এখন সভা অনুষ্ঠিত হয়। সংবাদিক হিতেন মালীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সাংবাদিক নীৰেন মালীয়ে। সভাত সাংবাদিক হিতেশ কলিতা, দোলন কলিতা, ধৰ্মেন্দ্ৰ দাস, গিৰীন্দ্ৰ কলিতা, জীতুমণী দাস, বিকাশ দাস আদিয়ে উপস্থিত থাকে। সভাত সাংবাদিক হিতেন মালী, নিৰেন মালী, গিৰীন্দ্ৰ কলিতাই বিশ্ব ক্ৰীড়া সাংবাদিকতা দিৱস উপলক্ষে ভাষণ প্ৰদান কৰে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা