অসমৰ সংবাদ জগতৰ আজি এক গৌৰৱৰ দিন। চলিত বৰ্ষতে অসমৰ ক্ৰীড়া সাংবাদিকতাই এশ বছৰত পদাৰ্পন কৰিছে। ১৯২৩ চনৰ ১ জুলাইত চন্দ্ৰ কুমাৰ আগৰৱালাৰ প্ৰকাশিত ‘অসমীয়া’নামৰ কাকতখনত অবিভক্ত অসমৰ প্ৰথমটো ক্ৰীড়া সংবাদ প্ৰকাশ পাইছিল। অসম ক্ৰীড়া সাংবাদিক সংস্থাই অসমৰ ক্ৰীড়া সাংবাদিকতাৰ শতবৰ্ষ এই ঐতিহাসিক ক্ষণটো সমগ্ৰ অসমবাসীৰ বাবে চিৰস্মৰণীয় কৰি ৰাখিবলৈ বৰ্ষজোৰা (২ জুন ২০২২ চনৰ পৰা ১ জুন ২০২৩ চনলৈ) বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিশ্ব ক্ৰীড়া সাংবাদিকতা দিৱস উপলক্ষে আজি দক্ষিণ কামৰূপৰ মিৰ্জাত এখন সভা অনুষ্ঠিত হয়। সংবাদিক হিতেন মালীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সাংবাদিক নীৰেন মালীয়ে। সভাত সাংবাদিক হিতেশ কলিতা, দোলন কলিতা, ধৰ্মেন্দ্ৰ দাস, গিৰীন্দ্ৰ কলিতা, জীতুমণী দাস, বিকাশ দাস আদিয়ে উপস্থিত থাকে। সভাত সাংবাদিক হিতেন মালী, নিৰেন মালী, গিৰীন্দ্ৰ কলিতাই বিশ্ব ক্ৰীড়া সাংবাদিকতা দিৱস উপলক্ষে ভাষণ প্ৰদান কৰে।
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান