অসম সাহিত্য সভাৰ ‘গান কবিতা বৰষুণ’ শীৰ্ষক অনুষ্ঠান সম্পন্ন

0 193

অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাগৃহত আজি বিয়লি ‘গান কবিতা বৰষুণ’ শীৰ্ষক এটি অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত হয় ৷ হিমপৰ্ণা দাসে আঁত ধৰা উক্ত অনুষ্ঠানটো সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়াই উদ্বোধন কৰে ৷ উদ্বোধনী ভাষণত তেখেতে কয় – বৰষুণ মানুহৰ জীৱন ধাৰণ প্ৰণালীৰ অবিচ্ছেদ্য অংগ ৷ ইফালে ঋতুৰ সৈতে মানুহৰ জীৱন আৰু জীৱিকাৰ সম্পৰ্ক অভিন্ন ৷ সাহিত্য কলা সংস্কৃতিতে প্ৰতিফলিত হৈছে ঋতুৰ সৰ্বদিশ৷
এই অনুষ্ঠানটিত কবিতা পাঠ কৰে- আনিছ-উজ জামান, অনুভৱ তুলসী, ডা° নীলিমা ঠাকুৰীয়া হক, মনোজ বৰপূজাৰী আৰু কুশল দত্তই ৷ আনহাতে গীত পৰিৱেশন কৰে ৰূপম ভূঞা, জয়প্ৰকাশ মেধি আৰু ক্ৰান্তিকা শাণ্ডিল্যই ৷অনুষ্ঠানটোত বৰষুন বিষয়ৰ গদ্য পাঠ কৰে কটন বিশ্ববিদ্যলয়ৰ সুদৰ্শন কৌশিক শৰ্মাই আৰু অনুভৱ-অভিজ্ঞতা বৰ্ণনা কৰেক্ৰমে ডাঃ অঞ্জনজ্যোতি চৌধুৰী, অভিজিত শৰ্মা বৰুৱা আৰু অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী সাক্ষী প্ৰিয়ম্বদাই ৷ অনুষ্ঠানটিত সাহিত্য-সংস্কৃতিপ্ৰেমী ৰাইজৰ উপস্থিতিৰ বাবে শলাগ জ্ঞাপন কৰে সভাৰ সাংস্কৃতিক সমিতিৰ কাৰ্যকৰী সভাপতি দেবেন বসুমতাৰীয়ে ৷

Leave A Reply

Your email address will not be published.