কালিকান্ত নিউজ এজেঞ্চিৰ ইলা শৰ্মা গোস্বামী সোঁৱৰণী বঁটা ঘোষণা -ৰামপুৰৰ খনীন্দ্ৰ মজুমদাৰলৈ ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ বাতৰি কাকত পঢ়ুৱৈ বঁটা

0 192

বাতৰি কাকত-আলোচনীৰ প্ৰতি পঢ়ুৱৈ সকলৰ সচেতনতা আৰু দায়ৱদ্ধতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ কামৰূপৰ আগশাৰীৰ বাতৰি কাকত পৰিৱেশক তথা বিক্ৰেতা প্ৰতিষ্ঠান ৰামপুৰৰ কালিকান্ত নিউজ এজেঞ্চিয়ে ২০১৮ চনৰপৰা এজেঞ্চিটোৰ দীৰ্ঘকাল বাতৰি কাকত লৈ থকা আৰু সঠিক ব্যৱসায়ীক লেন-দেনৰ ভিত্তিত বছৰি একোজনকৈ পঢ়ুৱৈক শ্ৰেষ্ঠ বাতৰি কাকত পঢ়ুৱৈ বঁটা প্ৰদান কৰি আহিছে। এজেঞ্চিটোৰ স্বত্বাধিকাৰী বিমল শৰ্মাই জনোৱা অনুসৰি তেওঁৰ প্ৰয়াত ভগ্নী ইলা শৰ্মা গোস্বামীৰ স্মৃতিত প্ৰৱৰ্তন কৰা এই বঁটাটো ২০২২ ইং বৰ্ষৰ বাবে আগবঢ়োৱা হৈছে ৰামপুৰৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনত দীৰ্ঘকাল ধৰি জৰিত হৈ থকা বিশিষ্ট নাগৰিক খনীন্দ্ৰ মজুমদাৰলৈ। ২০০২ চনৰ পহিলা মেত প্ৰতিষ্ঠা হোৱা কালিকান্ত নিউজ এজেঞ্চিৰ জন্মলগ্নৰেপৰা বৰ্তমানলৈ সুদীৰ্ঘ দুটা দশকতকৈ অধিককাল খনীন্দ্ৰ মজুমদাৰে এজেঞ্চিটোৰপৰা বাতৰি কাকত লৈ আহিছে। মাত্ৰ ৩২ জন গ্ৰাহকেৰে কালিকান্ত নিউজ এজেঞ্চিৰ জন্ম দিয়া স্বত্বাধিকাৰী বিমল শৰ্মাই জনোৱা অনুসৰি বৰ্তমান এজেঞ্চিটোত বাতৰি কাকতৰ গ্ৰাহকৰ সংখ্যা ছয় শতাধিক। ২০১৮ চনত বিশিষ্ট হ্যোমিঅ’পেথিক চিকিৎসক ডাঃ লংকেশ্বৰ শৰ্মা (ভাগৱতীপাৰা),২০১৯ চনত ভাৰতীয় ৰেলৱেত কৰ্মৰত তপন কুমাৰ (ৰাজাপুখুৰী সত্ৰ), ২০২০ চনত অৱসৰপ্ৰাপ্ত হিন্দী শিক্ষক ৰহেশ্বৰ দাস(নহিৰা) আৰু ২০২১ চনত অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰণজিৎ দাস (ৰামপুৰ)লৈ এই বঁটা আগবঢ়োৱা হৈছে। ২০১৪ চনৰ ১ জুলাইত বিষাক্ত সৰ্পৰ দংশনত অকালতে মৃত্যু হোৱা স্বত্বাধিকাৰী বিমল শৰ্মাৰ বিবাহিতা ভগ্নী ইলা শৰ্মা গোস্বামীৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ এজেঞ্চিটোৰ একোজনকৈ সচেতন বাতৰি কাকত পঢ়ুৱৈক বছৰি শ্ৰেষ্ঠ পঢ়ুৱৈ বঁটা আগবঢ়াই অহা হৈছে। ইলা শৰ্মা গোস্বামী সোঁৱৰণী বঁটাত আছে এখন ফুলাম গামোচা, এখন চেলেং চাদৰ, এখন প্ৰশস্তি পত্ৰ, এখন অভিধান আৰু নগদ এক হাজাৰ টকা। চলিত জুলাই মাহৰ অন্তিম সপ্তাহত এই বঁটাটো বিজয়ী খনীন্দ্ৰ মজুমদাৰলৈ আগবঢ়োৱাৰ ব্যৱস্থা ৰখা হৈছে বুলি স্বত্বাধিকাৰী শৰ্মাই জানিবলৈ দিয়ে। ২০২১ ত বঁটা লাভ কৰোতা ৰনজিৎ দাসক কোভিড পৰিস্থিতিৰ বাবে বঁটা আগবঢ়াবলৈ অসমৰ্থ হোৱাত এইবেলি একেলগে বঁটাটো প্ৰদান কৰা হব বুলি স্বত্বাধিকাৰী শৰ্মাই জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.