মিৰ্জাস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানত জৈৱ চিকিৎসা বিজ্ঞানত নৱ উদ্ভাৱন শীৰ্ষক দ্বিতীয় ৰাষ্ট্ৰীয় চেমিনাৰ

0 167

ৰাজ্যৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান মিৰ্জাস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানত আজিৰ পৰা আৰম্ভ হৈছে “ন’বেল ইনোভেশ্বনছ্ ইন বায়’কেমিকেল চাইন্সছ” চমুকৈ এন.আই.বি.এছ অৰ্থাৎ “জৈৱ চিকিৎসা বিজ্ঞানত নৱ উদ্ভাৱন” সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলন। দুদিনীয়াকৈ অনুষ্ঠিত এই ৰাষ্ট্ৰীয় সন্মিলনত দেশৰ যশস্বী বিজ্ঞানী, গৱেষক, ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই উপলক্ষে আজি উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চাংসাৰিস্থিত নাইপাৰৰ সঞ্চালক ড০ ইউ এছ এন মুৰ্ত্তি। মুখ্য অতিথি ড০ মুৰ্ত্তি আৰু বিশিষ্ট অতিথি সকলে যুটীয়াভাৱে বন্তি প্ৰজ্বলন কৰি এই ৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভণি কৰে। সন্মিলনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ হেল্থ এণ্ড চাইন্সৰ বিশেষ কৰ্তব্যৰত বিষয়া ড০ মংগলা লহকৰ, এচচিয়েশ্যন অৱ ফাৰ্মাচিটিকেল টিচাৰ্ছ অৱ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা অধ্যাপক ড০ মিলিণ্ড উমেকাৰ, নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক ডা: হিতেশ বৰুৱা, ইউএছটিএম, মেঘালয়ৰ উপাধ্যক্ষ ড০ গৌৰী দত্ত শৰ্মা, ৰ’য়েল গ্ৰুপ অৱ নাৰ্চিং, আছাম ৰ’য়েল গ্লোবেল ইউনিভাৰ্ছিটিৰ ডীন তথা অধ্যক্ষ ড০ কাবেৰী শইকীয়া আদিয়ে। মুখ্য অতিথি ড০ ইউ এছ এন মুৰ্ত্তিয়ে তেওঁৰ ভাষণত জৈৱ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত বৰ্তমান অভিনৱ আৱিষ্কাৰ আৰু উদ্ভাৱনী শক্তিৰ সংযোজিত হৈছে বুলি উল্লেখ কৰে। বহু মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে গৱেষণাৰ জৰিয়তে এই ক্ষেত্ৰখনলৈ নতুন নতুন চিন্তা সংযোজন কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়। সন্মিলনত আদৰণি ভাষণ আগবঢ়াই নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক ডা হিতেশ বৰুৱাই কয় – বিজ্ঞানী, গৱেষক, শিক্ষাবিদ, চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত লোকসকলে সদায় নতুন নতুন উদ্ভাৱনৰ লগত জড়িত হৈ থকাটো একান্ত প্ৰয়োজনীয়। তেওঁ সংবাদ মাধ্যমৰ আগত মিৰ্জাস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানক এই দিশেৰে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সপোন সাঁচি ৰখা বুলি কৈ এইদৰে কৈ অতি কম সময়ৰ ভিতৰতে মিৰ্জা অঞ্চলৰ শৈক্ষিক প্ৰতিষ্ঠানখনে বিশেষ পৰিচয় লাভ কৰিব বুলিও ডা: বৰুৱাই কয়।তেওঁ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ সৈতে জড়িত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে ইতিমধ্যে এশৰো অধিক গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ জাৰ্ণালত প্ৰকাশ কৰিছে বুলি জনায়। সেইদৰে শৈক্ষিক প্ৰতিষ্ঠানটোৱে এতিয়ালৈ দুটা ভাৰতীয় আৰু দুটা জাৰ্মান পেটেন্ট লাভ কৰিবলৈ সক্ষম হোৱা বুলি ভাষণ প্ৰসংগত কয়। বিশিষ্ট অতিথি সকলেও তেওঁলোকৰ ভাষণত জৈৱ চিকিৎসা বিজ্ঞানৰ নতুন উদ্ভাৱনৰ বহু তথ্য দাঙি ধৰে। এই সন্দৰ্ভত এচ’চিয়েশ্যন অৱ ফাৰ্মাচুটিকেল টিচাৰ্ছ অৱ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা অধ্যাপক ড০ মিলিণ্ড উমেকাৰেও অনুপ্ৰেৰণা মূলক ভাষণ ৰাখে। অৱশ্যে সংবাদ মাধ্যমৰ আগত তেওঁ এচচিয়েশ্যনৰ নিৰ্বাচন কেন্দ্ৰিক অবাঞ্চিত বিতৰ্ক সন্দৰ্ভত কিছু আক্ষেপ শৈক্ষিক প্ৰতিষ্ঠানত নিৰ্বাচন কেন্দ্ৰিক বিতৰ্ক ভাল কথা নহয় বুলি কয়। আজিৰ এই সন্মিলনত এবষ্ট্ৰেক্ট বুক শীৰ্ষক এখন জাৰ্ণাল আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সন্মিলনৰ আজিৰ কাৰ্যসূচীৰ অন্তত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ একাডেমীক ডীন ড০ ভাৰ্গবজ্যোতি চহৰীয়াই শলাগৰ শৰাই আগবঢ়ায়।

Leave A Reply

Your email address will not be published.