অসম চৰকাৰৰ মুখ্য সচিব হিচাপে প্ৰায় ৩৫ বছৰীয়া কৰ্মজীৱন সামৰি ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰে নীতি নিষ্ঠ বিষয়া হিচাপে সুনাম থকা জিষ্ণু বৰুৱাই । কিন্ত অৱসৰৰ প্ৰাকক্ষণত ২৬ আগষ্টত গোৱালপাৰা জিলাৰ মৰনৈত থকা উত্তৰ পূবৰ প্ৰথমখন সৈনিক স্কুল পৰিদৰ্শন কৰিছিল মুখ্য সচিব জিষ্ণু বৰুৱাই । বৰুৱাক সংগ দিছিল ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) শ্বিলংস্থিত উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান , মেজৰ জেনেৰেল ভাস্কৰ কলিতাই । আনহাতে দুই ঘন্টাৰো অধিক সময় সৈনিক স্কুলত থকা জিষ্ণু বৰুৱাক স্কুলত প্ৰৱেশ কৰাৰ পাছত স্কুলৰ শিক্ষাৰ্থী সকলে সামৰিক প্ৰথাৰে অভিবাদন জনোৱাৰ লগতে তেওঁক গাৰ্ড অফ অনাৰ দিয়ে । ইয়াৰ উপৰি মেজৰ জেনেৰেল ভাস্কৰ কলিতা , সৈনিক স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা ভাৰতীয় নৌ সেনাৰ কমাণ্ডাৰ নৰেশ চৌহানক লগত লৈ স্কুলৰ সভাগৃহত জিষ্ণু বৰুৱাই শিক্ষাৰ্থী সকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত মিলিত হয় । অনুষ্ঠানত জিষ্ণু বৰুৱাই শিক্ষাৰ্থী সকলক ভাৰতৰ সশস্ৰ বাহিনীৰ বিষয়া পদত অধিষ্ঠিত হৈ দেশ মাতৃৰ সেৱা আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰতিযোগিতামুলক পৰীক্ষা সমূহত অৱতীৰ্ণ হবলৈ এতিয়াৰে প্ৰস্তুতি আৰম্ভ কৰিবলৈও আহ্বান জনায়।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা