জামুগুৰিহাটৰ বৰপুখুৰীপাৰত মুকলি বিহু ক্ষেত্ৰ উন্নয়নৰ বাবে আধাৰশিলা স্থাপন

0 201

জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ মুকলি বিহু পথাৰৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু এখন শিশু উদ্যান নিৰ্মাণৰ উদ্দেশ্যেৰে আজি আধাৰ শিলা স্থাপন কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷ প্ৰায় ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা এই শিশু উদ্যান আৰু খেল পথাৰ উন্নয়নৰ আধাৰশিলা কৰি বিধায়ক পদ্ম হাজৰিকাই কয়- অসমৰ মুকলি বিহুৰ বাটকটীয়া এই বৰপুখুৰী পাৰ মুকলিবিহুৰ ক্ষেত্ৰ উন্নয়নৰ বাবে তথা ইয়াৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাৱে আমি কৰিবলগীয়া সকলোখিনি ৰাইজৰ সহযোগত সম্পূৰ্ণ কৰি তোলাৰ চেষ্টা চলাম বুলিও মন্তৱ্য কৰে ৷ আধাৰশিলা অনুষ্ঠানত চতিয়া খণ্ড উন্নয়ন বিষয়া পলক শৰ্মা, মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, বৰভগীয়া জিলা পৰিষদৰ সদস্যা পলি চুটিয়া, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েং, নদুৱাৰ মণ্ডলৰ সভাপতি জয়ন্ত বৰা, পূৱ বৰভগীয়া গাওঁ পঞ্চায়তৰ সভাপতি, আঞ্চলিক সদস্যা প্ৰমুখ্যে কৰি নদুৱাৰ মণ্ডলৰ বিজেপিৰ বিষয়ববীয়া সদস্য সকল উপস্থিত থাকে৷

বাতৰি যুগুতালে‌ জামুগুৰিহাটৰ পৰা‌ ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.