ইউনিফৰ্ম চিভিল কোড (ইউচিচি ) বা সম নাগৰিক সংহিতা আইন বলৱতৰ জৰিয়তে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শক্তিশালী স্থিতিক ৰাজ্যজুৰি বিভিন্ন পক্ষই আদৰণি জনোৱাৰ সময়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা প্রকাশ কৰিছে প্ৰাক্তন মন্ত্ৰী তথা অগপ দলৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এটা বিবৃতিত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে ৰাজ্যবাসীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক সময়োপযোগী পদক্ষেপ গ্রহণ কৰিছে। বিশেষকৈ লিভ-ইন ৰিলেচনশ্বিপে সমাজখনৰ বহু ক্ষতি কৰিছে। ইউচিচি বলৱতৰ জৰিয়তে এতিয়াৰে পৰা সমাজৰ বাবে ক্ষতিকাৰক এই ব্যৱস্থা সম্পূৰ্ণ বন্ধ হৈ পৰিব। আজিৰ যুগত এই ব্যৱস্থা সঁচাকৈয়ে বন্ধ কৰাৰ প্ৰয়োজন আছিল। মুখ্যমন্ত্রী ডঃ শৰ্মাই নিৰ্বাচনৰ পূৰ্বে দিয়া প্রতিশ্রুতি অনুসৰি অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনতে এই বিলখন উপস্থাপন কৰি গৃহীত কৰিছে। আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে এই বিলখনৰ খুব প্রয়োজন আছিল। ইউচিচি বলৱতৰ বাবে মুখ্যমন্ত্রী ড° শর্মাই লোৱা প্ৰচেষ্টাক আদৰণি জনোৱাৰ লগতে ভৱিষ্যতে প্রয়োজনীয় সকলো সহযোগিতা চৰকাৰক আগবঢ়াবলৈ প্রতিশ্রুতিবদ্ধ বুলি প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ঘোষণা কৰিছে। আনহাতে ইউচিচিক লৈ কোনো কাৰণতে ৰাজনীতি হ’ব নালাগে বুলি সকলো পক্ষকে আহ্বান জনাইছে প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । প্ৰাক্তন মন্ত্ৰী কলিতাই ৰাজ্যৰ ৰাজনৈতিক – অৰাজনৈতিক সমাজৰ সকলোৱে ইয়াক মুকলি মনেৰে গ্ৰহণ কৰিব লাগে । ৰাজ্যৰ সামাজিক বাতাৱৰণ চাই সকলোৱে সম অধিকাৰ পাব বুলি আমি আশা কৰিছোঁ। মহিলাৰ শোষণ, মহিলাৰ সুৰক্ষাহীনতা, নিষ্পেষণ হৈছে। যদিহে ইউচিচিক প্রত্যাহ্বান জনাব লাগে তেন্তে বিধানসভা, আইন, আদালত আছে প্রত্যাহ্বান জনাব পাৰে। উল্লেখ্য যে অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ শেষৰ দিনটোত ইউচিচি গৃহীত হয়। ইউচিচি বিল শাসকীয় মিত্রপক্ষই ধ্বনি ভোটত গৃহীত কৰাৰ বিপৰীতে কংগ্ৰেছসহ বিৰোধীয়ে ইয়াৰ বিৰোধিতা কৰি বিলখন বিধানসভাৰ ছিলেক্ট কমিটীলৈ প্রেৰণৰ দাবী জনাইছিল ।
Trending
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ