মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

0 37

মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি গুৱাহাটীস্থিত কইনাধৰাৰ ১ নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই কেবিনেট বৈঠকত তলত দিয়া সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়—

আজিৰ কেবিনেটে অহা ২১, ২২, ২৫ আৰু ২৬ মে’ত বৰ্তমান চৰকাৰৰ কাৰ্যকালত অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত কৰাৰ অনুমোদন জনায়। এই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপতগ্ৰহণ কৰিব। কেবিনেটে বিধানসভাৰ অস্থায়ী (প্ৰটেম) অধ্যক্ষ হিচাপে জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ নাম অনুমোদনৰ জনাবলৈ ৰাজ্যপালক অনুৰোধ জনোৱাৰ সন্মতি প্ৰদান কৰে। নৱনিৰ্বাচিত বিধায়কসকলৰ শপতগ্ৰহণ পিছত বিধানসভাৰ স্থায়ী অধ্যক্ষ নিৰ্বাচন কৰা হ’ব। ইতিমধ্যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ তৰফৰ পৰা বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ নাম অধ্যক্ষ পদৰ বাবে চূড়ান্ত কৰা হৈছে।আজিৰ কেবিনেটে ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী ইস্তাহাৰখনক চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰে।
আজিৰ কেবিনেটে অহা ২১ মে’ৰ পৰা ২৬ মে’লৈ অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ অধিৱেশনৰ শেষৰ দিনটোত উত্থাপন হ’বলগীয়া সম নাগৰিক সংহিতা (ইউনিফৰ্ম চিভিল ক’ড)ৰ খচৰা বিধেয়কত অনুমোদন জনায়। কেবিনেটে অনুমোদন জনোৱা অনুসৰি,
■ অনুসূচিত জনজাতি (পাৰ্বত্য) আৰু অনুসূচিত জনজাতি (ভৈয়াম)ৰ লোকসকল এই সংহিতাৰ আওতাৰ পৰা বাহিৰত থাকিব।
■ পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি আৰু আচাৰ-অনুষ্ঠানসমূহো এই সংহিতাৰ আওতাৰ বাহিৰত থাকিব।
■ সম নাগৰিক সংহিতাই মূলত চাৰিটা বিষয় সামৰি ল’ব। এইকেইটা হৈছে ক্ৰমে—
– বিবাহৰ ন্যূনতম বয়স।
– বহু বিবাহ নিষেধ।
– পৈতৃক সম্পত্তিৰ ওপৰত কন্যাৰ সম অধিকাৰ।
– বিবাহ বিচ্ছিন্নতাৰ বসবাস কৰা বা লিভ-ইন ৰিলেচনৰ বিষয়।

আজিৰ কেবিনেটে অহা পাঁচ বছৰৰ ভিতৰত ৰাজ্যত দুই লাখ যুৱক-যুৱতীক চৰকাৰী কৰ্ম-সংস্থাপন প্ৰদানৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ অৰ্থে সকলো দিশ চালিজাৰি চাই প্ৰতিবেদন প্ৰস্তুত কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ নেতৃত্বত এটা টাস্ক ফ’ৰ্চ গঠন কৰে।

(৫) আজিৰ কেবিনেটে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰাৰ অনুমোদন জনায়।

(৬) আজিৰ কেবিনেটে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৩২ কোটি টকা ব্যয়েৰে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ এটা সংগ্ৰহালয় নিৰ্মাণত অনুমোদন জনায়।

(৭) আজিৰ কেবিনেটে পৰৱৰ্তী পাঁচ বছৰৰ বাবে অধিবক্তা দেৱজিৎ শইকীয়াক অসম চৰকাৰৰ মহাধিবক্তা হিচাপে নিয়ুক্তিত অনুমোদন জনায়।

(৮) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে বিদেশী মুদ্ৰা সঞ্চয়ৰ উদ্দেশ্যে দেশবাসীৰ প্ৰতি জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিত আজিৰ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তসমূহ হৈছে এনে ধৰণৰ—
■ অসম চৰকাৰে অহা ৬ মাহৰ বাবে কোনো নতুন যান-বাহন ক্ৰয় নকৰে।
■ চৰকাৰী বিভাগ-কৰ্মচাৰীসকলক চিকিৎসা সংক্ৰান্তীয় বিষয়ৰ বাবে অন্য কোনো কাৰণত বিদেশ ভ্ৰমণত অনুমোদন প্ৰদান নকৰে। ব্যক্তিগত বা চৰকাৰী দূৰদৰ্শনৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য হ’ব।
■ ৰাজ্যপাল তথা মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী আৰু বিষয়াৰ কনভয়ৰ গাড়ীৰ সংখ্যা অহা ৬ মাহৰ বাবে হ্ৰাস কৰা হ’ব।
■ বিগত বিত্তীয় বৰ্ষৰ তুলনাত ৰাজ্য চৰকাৰে পেট্ৰ’ল, ডিজেলত হোৱা চৰকাৰী ব্যয় ২০ শতাংশ হ্ৰাস কৰিব।
■ অহা ৬ মাহৰ বাবে ৰাজ্য চৰকাৰে কোনো বিদেশী সামগ্ৰী ক্ৰয় নকৰে। অৱশ্যে ৰাজ্যৰ নাগৰিকৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহয়।
■ ৰাজ্য চৰকাৰে এই সময়ছোৱাত প্ৰত্যক্ষ অংশগ্ৰহণৰ মাধ্যমেৰে কোনো আলোচনাচক্ৰ বা কৰ্মশালা আদি অনুষ্ঠিত নকৰে। অৱশ্যে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে আলোচনাচক্ৰ আদি অনুষ্ঠিত কৰিব পৰা যাব।
■ চৰকাৰী বিভাগ আৰু অনুষ্ঠানত ব্যৱহাৰৰ বাবে যান-বাহন ভাড়ালৈ লোৱাৰ প্ৰয়োজন হ’লে কেৱল বৈদ্যুতিক বাহনহে ভাড়াত লোৱা হ’ব।

Leave A Reply

Your email address will not be published.