মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ অধীনত খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত দুখন শিক্ষানুষ্ঠানৰ চৌহদত গছপুলি ৰোপণ

0 241

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জৈৱ বৈচিত্ৰ্য সংৰক্ষণ , পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু গোলকীয় উত্তাপ ৰোধ কৰাৰ লগতে সকলো চৰকাৰী কাৰ্যালয় , শিক্ষানুষ্ঠান চৌহদ যাতে গছ গছনিৰে সেউজীয়া হৈ থাকে তাৰ বাবে “মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প” নামৰ এক বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে । ১৭ জুলাইত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰা এই অভিলাসী কাৰ্যসূচীৰ অহা ১৫ আগষ্টৰ স্বাধীনতা দিৱসত সামৰণি পৰিব । আনহাতে এই কাৰ্যসূচীৰ অধীনত বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী বল্লভ শইকীয়াৰ নিৰ্দেশনা অনুসৰি গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত খানামুখ খণ্ড বন বিষয়া কাৰ্যালয়ৰ উদ্যোগত আজি দুখন শিক্ষানুষ্ঠান চৌহদত গছপুলি ৰোপণৰ লগতে বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিক্ষানুষ্ঠান দুখন হল ক্ৰমে পশ্চিম বৰাগাঁও প্ৰাথমিক বিদ্যালয় আৰু তেঁতেলীয়াবৰী প্ৰাথমিক বিদ্যালয় । খানামুখৰ খণ্ড বন বিষয়া জিন্টু তালুকদাৰৰ নেতৃত্বত খণ্ড কাৰ্যালয়ৰ বনকর্মী সকলে তেঁতেলীয়াবৰী প্ৰাথমিক বিদ্যালয় চৌহদত বিভিন্ন প্ৰজাতিৰ ৩০ টা গছপুলি ৰোপণ কৰে । তেনেদৰে পশ্চিম বৰাগাঁও প্ৰাথমিক বিদ্যালয় চৌহদত ১০ টা বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰাৰ লগতে ১০ টা গছপুলি বিতৰণ কৰে । কাৰ্যসূচী দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষক – শিক্ষয়ত্ৰী ক্ৰমে তপন দাস আৰু পাৰুল গোস্বামীকে ধৰি কেবাজনো শিক্ষক – শিক্ষয়িত্ৰী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.