কোন হ’ব অসমৰ মুখ্যমন্ত্ৰী? এয়া আজিৰ দিনত সবাতোতকৈ চৰ্চিত প্ৰশ্ন। চচিয়েল মিডিয়াতো এই বিষয়ে সৰৱ চৰ্চা চলিছে। ক’ভিড চেন্টাৰ পৰিদৰ্শন কৰাৰ কালত মুখ্যমন্ত্ৰীকেন্দ্ৰিক চৰ্চাক লৈ সাংবাদিকে সোধা এক প্ৰশ্নত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, মুখ্যমন্ত্ৰী কোন হ’ব সেয়া ডাঙৰ কথা নহয়, ক’ভিড সংক্ৰমণৰ পৰা জনতাক ৰক্ষা কৰাটোহে আটাইতকৈ ডাঙৰ কথা হৈছে। এতিয়া মুখ্যমন্ত্ৰীক লৈ আলোচনা কৰাতো ডাঙৰ কথা নহয়।দুই এদিনতে সংসদীয় পৰিক্ৰমা ব’ৰ্ডৰ বৈঠক হ’ব আৰু এই বৈঠকেই চুড়ান্ত সিদ্ধান্ত ল’ব।এই সময়ত দায়বদ্ধতাৰে আমাৰ কাম কৰি যাব লাগিব।বৰাক-ব্ৰহ্মপুত্ৰ-পাহাৰ ভৈয়াম সকলোৰে দৃঢ়তাৰে যুঁজ দিব লাগিব। অসমৰ ৰাইজক নিৰোগী আৰু স্বাস্থ্যবান কৰি ৰাখিবই লাগিব। আনহাতে,পুনৰ চৰকাৰ কেতিয়া গঠন হ’ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সোণোৱালে কয় যে,চৰকাৰ হ’ব, নিশ্চিতভাৱে হ’ব, আৰু বেছি দিন নাই। এই মুহূৰ্তত মানৱীয় দায়িত্ব হৈছে ভাইৰাছৰ পৰা ৰক্ষা কৰা।আপোনালোকে সেইটোক লৈ চিন্তা কৰিব নালাগে।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন