মিছন বসুন্ধৰা-১ ৰ সফলতাৰ পাছত মিছন বসুন্ধৰা-২ শুভাৰম্ভ কৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্য মন্ত্ৰীয়ে শুভাৰম্ভ কৰা এই এই অভিযানৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৩২৯.১৯ কোটি টকাৰ অনুমোদন কৰিছে।খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটিৰ সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা এই আঁচনিৰ জৰিয়তে চৰকাৰী মাটি, ভিলেজ গ্রেজিং ৰিজাৰ্ভ (ভি জি আৰ) আৰু প্ৰফেছনেল গ্ৰেজিং ৰিজাভৰ (পি জি আৰ) মাটিত বসবাস কৰি অহা খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা প্ৰদান কৰা হ’ব।উল্লেখযোগ্য যে মাটিৰ পট্টা নথকাত দীর্ঘদিন ভি জি আৰ, পি জি আৰ বা চৰকাৰী মাটিত বসবাস কৰি অহাৰ পিছতো এই লোকসকলে বিভিন্ন চৰকাৰী সা-সুবিধাৰ পৰাও বঞ্চিত হৈ আছিল।মিছন বসুন্ধৰা-২ কাম অহা ৩১ ডিচেম্বৰলৈ চলিব। এই আঁচনিৰ দ্বাৰা জনজাতীয় লোকক স্থায়ী উত্তৰাধিকাৰী সূত্ৰে আৰু হস্তান্তৰযোগ্য অধিকাৰ প্ৰদানৰ বাবে ভূমি নীতি শিথিল কৰা হ’ব।ভূমি নীতি ২০১৯ শিথিল কৰি বিশেষকৈ চাহ, কফি আদি খেতি কৰা খেতিয়কৰ মাটি সম্পৰ্কীয় বিষয়বোৰ নিষ্পত্তি কৰা হ’ব। ভূমি ৰাজহ, স্থানীয় কৰ আৰু অন্যান্য মাচুল অনলাইন পৰিশোধৰ ক্ষেত্ৰত ই-খাজনাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি সংঘবদ্ধ ভূমি হস্তান্তৰ বাবে স্বয়ংক্রিয় নামজাৰি ব্যৱস্থা প্ৰৱর্তন কৰা হ’ব।ইয়াৰ উপৰি অস্থায়ীভাবে বসতি স্থাপন কৰা এলেকাৰ দখলদাৰী আৰু ৰায়তসকেল এই অভিযান কালতে অসম লোকসেবা প’ৰ্টেলৰ জৰিয়তে ভূমি স্বত্ব লাভ কৰিব পাৰিব।আনহাতে গুৱাহাটী চহৰ, পৌৰ এলেকা,ৰাজহ নগৰ আৰু গ্ৰামাঞ্চলত গৃহভূমি আৰু কৃষিভূমি প্রিমিয়ামৰ হাৰ এই অভিযান হ্রাস পাব।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী