নতুন শিক্ষা নীতিৰ ২০২০ ৰ আধাৰত ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাক অধিক তৰাণ্বিত কৰাৰ উদ্দেশ্যে শিক্ষা বিভাগৰ সৰ্বোচ্চ কমিটি ৰাজ্য শিক্ষা আয়োগৰ প্ৰথমখন বৈঠক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, শিক্ষা বিভাগৰ লগতে অন্যান্য বিভাগৰ শীৰ্ষ বিষয়া সকলৰ উপস্থিতত অনুষ্ঠিত হোৱা এই বৈঠক খনত সৰ্বশিক্ষাৰ মিছন সঞ্চালক, সঞ্চালক এচ.ছি.ই.আৰ.টি, বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগৰ সচিবৰ দ্বাৰা বৰ্তমান আৰু আহি থকা দিন সমুহত শিক্ষা বিভাগে গ্ৰহণ কৰিবলগীয়া দুৰদৰ্শী পৰিকল্পনা সমুহৰ বিষয়ে এক চমু আভাস দাঙি ধৰে। উক্ত বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে নতুন শিক্ষা নীতি কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য শিক্ষা আয়োগে এক গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিব লাগিব। প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে যাতে গুণগত শিক্ষা লাভ কৰিব পাৰে লগতে কোনো ছাত্ৰ যাতে শিক্ষা গ্ৰহণৰ পৰা বাদ পৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে কাম কৰি যাৱ লাগিব। দেশৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ উদ্দেশ্য আগত ৰাখি আগন্তুক দিনত শিক্ষাৰ মানদণ্ড আৰু অধিক উন্নত কৰি তুলিব লাগিব। এই বৈঠকত সকলো বিদ্যালয়ৰ বাবে কমন চাৰ্ভিছ ৰুল, কমন ৰিক্ৰুইটমেন্ট বোৰ্ড ফৰ হেড মাষ্টৰ এণ্ড প্ৰিঞ্চিপাল, স্কুল ৰুল বুক, ৰাজ্যিক সৈনিক বিদ্যালয় চচাইটি স্থাপন, মহাবিদ্যালয় সমুহত নিয়োগৰ বাবে কমন ৰিক্ৰুইটমেন্ট বোৰ্ড গঠন কৰাৰ কথা আলোচনা কৰাৰ লগতে সভাত উপস্থিত বিভিন্ন উপাচাৰ্য্য তথা বিষয়া সকলৰ পৰা মতামত গ্ৰহণ কৰা হয়। উক্ত বৈঠকত শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে তেওঁৰ ভাষণ প্ৰসঙ্গত কয় যে ৰাজ্যখনৰ নাগৰিক হিচাপে বিদ্যালয় তথা শিক্ষা ব্যৱস্থাটোৰ ওপৰত নজৰ আৰোপ কৰা আমাৰ সকলোৰে অধিকাৰ আছে। সেয়েহে তেওঁ প্ৰতিগৰাকী বিষয়াক অন্ততঃ তেওঁলোকৰ ওচৰৰ বিদ্যালয় সমুহত গৈ শৈক্ষিক পৰিবেশৰ বুজ লবলৈ আহ্বান জনায়। লগতে তেওঁ কয় যে মহাবিদ্যালয় সমুহে যাতে কমেওঁ এখনকৈ বিদ্যালয় তুলি (Adopt) লৈ সেই বিদ্যালয় খনক শৈক্ষিক দিশত সুচাৰুৰূপে আগ বঢ়াই লৈ যাবলৈ উল্লেখ কৰে। আজিৰ এই সভাত ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন, হস্ততাত বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী উৰখাও গৌড়া ব্ৰহ্ম, শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তও উপস্থিত থাকে।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী