মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ এখন সভা ২৫ অক্টোবৰৰ দিনা সন্ধিয়া গুগুল মীটৰ জৰিয়তে ‘চিনাকি পৰ্ব’ শীৰ্ষক এখন সভা অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে অনুষ্ঠানটোত যিসকল শিল্পী, সাহিত্যিক, সমাজসেৱীয়ে সমাজলৈ স্বাৰ্থহীন ভাবে আগবঢ়াই আহিছে সেই সকলৰ প্ৰতি জীৱিত অৱস্থাতে সন্মান প্ৰদৰ্শন কৰিবলৈ ‘চিনাকি পৰ্ব’ অনুষ্ঠানটো আৰম্ভ কৰা হৈছে। অনুষ্ঠানত প্ৰথমজন অতিথি আছিলে প্ৰখ্যাত অভিনেতা, শিল্পী বীৰেণ হাজৰিকাক সম্বৰ্ধনা জনোৱা হয়। আনহাতে সভাপতি হিৰণ ভূঞাই সভাপত্বিত কৰা অনুষ্ঠানটোত ভাৰ্চুৱেলী ভাগ লয় অসম সাহিত্য সভাৰ মূখ্য সম্পাদক দেৱজিৎ বৰাই । আহ্বায়ক উত্তম দাসৰ দায়িত্বত কথোপকথনৰ আঁত ধৰিছিল সহকাৰী সম্পাদক মৌচুমী দাসে। অনুষ্ঠানত কবিতা পাঠ কৰে সদানন্দ গগৈ, দেৱীকা বৰপূজাৰী, গৌৰী চুবেদাৰ বৰা আৰু হিৰণ ভূঞাই । গুৱাহাটীৰ পৰা সংগীত পৰিবেশন কৰে দুই ভগ্নী বন্দিতা বৰুৱা আৰু প্ৰাপ্তি বৰুৱাই । অনুষ্ঠানটোত মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ সদস্য সকলৰ লগতে অসম তথা দিল্লী আৰু আমেৰিকাৰ পৰাও শুভাকাংক্ষীয়ে উপস্থিত থাকি উৎসাহিত কৰিছিল । গুগুল মীটৰ সকলো কাৰিকৰী দিশ পৰিচালনা কৰিছিল সম্পাদক দীক্ষা পাঠক খাটনিয়াৰে।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
Comments are closed.