মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদ মাহৰ নামৰ সামৰণি -নামঘৰৰ উন্নয়নত সহযোগিতা আগবঢ়োৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক প্ৰশংসা

0 13

অসমৰ জনজীৱনত গুৰুত্বপূৰ্ণ মাহ হিচাপে পৰিচিত ভাদ মাহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাব তথা মহাপ্ৰয়াণ হোৱা বাবে ভাদ মাহক পৱিত্ৰ জ্ঞান কৰি অহা হৈছে ।যাৰ বাবে অসমৰ সকলো সত্ৰ, নামঘৰ সমূহত ভাদ মাহ আৰম্ভ হোৱাৰ দিনাৰ পৰাই মহাপুৰুষ দুজনাক স্মৰণ কৰি দৈনিক নাম-প্ৰসংগ পৰিবেশন কৰা হয়।

এক কথাত কবলৈ গলে পৱিত্ৰ ভাদ মাহটোত হৰি নামেৰে মুখৰিত হৈ থাকে সত্ৰ আৰু নামঘৰ সমূহ।আনকি গুৱাহাটীৰ পৰা প্ৰায় ৪০ কিঃমিঃ নিলগৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা প্ৰায় ৬ কিঃমিঃ ভিতৰত মাৰাংগাৰ নামৰ জনজাতি প্ৰধান অঞ্চলটোত আছে কেবাখনো গাঁও। পৰিস্থিতিৰ তাগিদাত পৰি বহিঃ ৰাজ্যত থাকিলেও তাৰ বাসিন্দা সকলে এতিয়াও শিপা এৰি দিয়া নাই।অবিভক্ত অসমত থকাৰ সময়তে তেওঁলোকে তাত স্থাপন কৰিছিল শ্ৰীমন্ত শংকৰদেৱ হাইস্কুল আৰু হাইস্কুলৰ সীমাতে আছে শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰ।নামঘৰটোক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম শাখা পৰমানন্দ প্ৰাথমিক শাখা মাৰাংগাৰ নামঘৰ নামেৰে তাত পৰিচিত। অঞ্চলটোৰ এজন বিশিষ্ট সমাজকৰ্মী,অভিযন্তা তথা নামঘৰ পৰিচালনা কমিটীৰ উপদেষ্টা মনীন ৰাজা, সভাপতি জয়মালা বিনং আৰু সম্পাদক যোগেশ মাৰৱেটে জানিবলৈ দিয়া মতে তেওঁলোকৰ পিতৃ পুৰুষৰ দিনৰে পৰা নামঘৰত পৱিত্ৰ ভাদ মাহত পুৰুষ – মহিলা সকলে এমহীয়া নাম – প্ৰসংগত ভাগ লৈ আহিছে।ইয়াৰ মাজতে যোৱা ২৪ আগষ্টত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু ৪ ছেপ্টেম্বৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি নাম – প্ৰসংগৰ মাজেৰে উদযাপন কৰা হয় । আনহাতে ১৭ ছেপ্টেম্বৰত ভাদ মাহৰ অন্তিম দিনটোত এটা বছৰৰ বাবে নাম – প্ৰসংগৰে এমহীয়া ভাদ মাহৰ নামৰ সামৰণি মৰা হয় । ইয়াৰ মাজতে ১৫ ছেপ্টেম্বৰত মাৰাংগাৰ নামঘৰ কমিটীৰ আমন্ত্ৰণ ক্ৰমে আৰু পাৰস্পাৰিক সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অংশ হিচাপে অসমৰ অন্যতম মহিলা নামতি দল হিচাপে পৰিচিত হৈ অহা গুৱাহাটীৰ জালুকবাৰী অঞ্চলৰ খানামুখৰ “জ্ঞানমালিনী বিকশিত মহিলা দল”ৰ সভানেত্ৰী পূৰ্ণিমা কলিতা আৰু সম্পাদিকা জুমি কলিতাৰ নেতৃত্বত অহা ১৫ জনীয়া দলটোৱে তাৰ নামঘৰত মহাপুৰুষ দুজনাৰ নাম – প্ৰসংগ , দিহানাম পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। মহিলা দলটোক মাৰাংগাৰ নামঘৰৰ মহিলা সমাজৰ কৰ্মকৰ্তা ক্ৰমে -ৰুণুমী বিনং, কাঁহি চিয়েম আৰু মিনতি বিনঙে পৰম্পৰাগত ভাৱে আদৰণি জনায় । দলটোৱে সিদিনা শ্বিলঙৰ সমীপৰ বৰাপানী তথা উমিয়ামৰ উত্তৰ পূব মহাকাশ কেন্দ্ৰ চৌহদত থকা সাৰ্বজনীন নামঘৰ আৰু শ্ৰী কৃষ্ণ মন্দিৰতো তাৰ পৰিচালনা কমিটীৰ আমন্ত্ৰণ ক্ৰমে নাম – প্ৰসংগ আৰু দিহানাম পৰিবেশন কৰি উপস্থিত শতাধিক লোকক আপ্লুত কৰে। এইখিনিতে উল্লেখ্য যে বৃহত্তৰ মাৰঙা তথা মাৰাংগা অঞ্চলটোৰ দহখন গাঁওৰ বাসিন্দা সকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোক জাতিগত পৰিচয় মৰঙালী হিচাপে পৰিচিত হৈ আহিছে। বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্ৰমে – বৰগাং, নালাপাৰা ,নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও ।এই সন্দৰ্ভত মনীন ৰাজাই জানিবলৈ দিয়া মতে অসমৰ পৰা দূৰত থাকিলেও তেওঁলোকে নীৰৱে অসমীয়া সংস্কৃতিৰ চৰ্চা কৰি আহিছে। আনকি বিগত বৰ্ষত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নামঘৰটো মেৰামতি আৰু পুনৰ নিৰ্মাণৰ বাবে ব্যক্তিগতভাৱে আৰ্থিক সাহায্য প্ৰদান কৰিছে বুলিও মনীন ৰাজাই জানিবলৈ দিছে।আনকি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বিগত বৰ্ষত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী পীয়ুষ হাজৰিকাই মাৰাংগালৈ আহি আৰ্থিক সাহায্যৰ ধনৰাশি প্ৰদান কৰিছে। সেই ধনৰে নামঘৰটোৰ আন্তঃগাঁথনিৰ যথেষ্ট উন্নয়ন সাধন কৰা হৈছে । যাৰ বাবে অঞ্চলবাসীয়ে অসমৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰি আগলৈকে যাতে সহায়ৰ হাত আগবঢ়ায় তাৰ কামনা কৰিছে বুলি মনীন ৰাজাই জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.