মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদানৰ দাবী – মুম্বাই সাহিত্য সভাৰ উদ্যোগত মানৱ দৰদী শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

0 281

অসম সাহিত্য সভৰ মুম্বাই স্বৰ্ণ শাখাৰ উদ্যোগত ২৬ ছেপ্টেম্বৰৰ দিনা সন্ধিয়া গুগল মীটৰ জৰিয়তে জনপ্ৰিয় শিল্পী, গীতিকাৰ, সুৰকাৰ, কবি, অভিনেতা, সংগীত আৰু চলচ্চিত্ৰ পৰিচালক, মানৱ দৰদী শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত মৰ্মাহত হৈ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে বিশ্ববন্দিত শিল্পী গৰাকীৰ অকাল মৃত্যুত অসমৰ দৰে মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ আজীৱন সদস্য সকল মৰ্মাহত হৈ পৰিছিল।আনহাতে শাখাৰ সভাপতি হিৰণ ভূঞাৰ সভাপতিত্বত গুগল মীটৰ জৰিয়তে অনুষ্ঠিত সভাখনৰ উদ্দ্যেশ্য বাখ্যা কৰে সম্পাদক দীক্ষা পাঠক খাটনিয়াৰে । নিভা হাজৰিকাৰ এটি প্ৰাৰ্থনাৰে শুভাৰম্ভ কৰা সভাত ভাগ লোৱা আজীৱন সদস্য সকলে জুবিনৰ কবিতা, গীত আৰু স্বৰচিত কবিতাসহ ব্যক্তিগত অনুভৱৰে সন্ধিয়াটো জীপাল কৰি প্ৰিয় শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শিল্পী গৰাকীৰ জীৱনলগৰী গৰিমা শইকীয়া গাৰ্গ আৰু শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে। সভাৰ অন্ত পৰে জুবিনে গোৱা অন্যতম কালজয়ী গীত ‘মায়াবিনী ৰাতিৰ বুকুত ‘গীতটো পৰিবেশনৰে। আনহাতে সভাত দুটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তাৰ ভিতৰত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যময় মৃত্যুৰ উচিত তদন্ত কৰা আৰু মৰণোত্তৰভাৱে বিশ্ব বিখ্যাত শিল্পী জুবিন গাৰ্গক সন্মানিত ‘ভাৰত ৰত্ন’ বঁটা প্ৰদান কৰা।

Leave A Reply

Your email address will not be published.