মৰমলেণ্ড ৱেলফেয়াৰ চ’ছাইটিৰ তৰফৰ পৰা ক’ভিড সজাগতা-সাহাৰ্য্য-সহবাস অভিযানৰ অংশ হিচাপে মহানগৰীৰ ভিন্ন প্ৰান্তত অসহায় লোকৰ কাষত থিয় হোৱাৰ প্ৰয়াস কৰিছে। ক’ৰণাৰ দ্বিতীয় লহৰত ৰাজ্যখনৰ বহু মানুহৰ মৃত্যুৰ সংবাদে ভয় পূৰ্বতকৈ অধিক কৰি তুলিছে আৰু সকলো ঘৰতে আৱদ্ধ হৈ থাকিব লগা হৈছে। তেনে সময়তে ডেম’ক্ৰেচী লাইভ আৰু মৰমলেণ্ডৰ তৰফৰ পৰা অসহায় লোকক কিছু খাদ্য তুলি দি মানৱতাৰ এক নিদৰ্শন দাঙি ধৰিছে। লগতে যিসকল আৰক্ষী-চি আৰপিএফৰ জোৱানে নিজৰ জীৱনকো তুচ্ছ কৰি দিন ৰাতি ক’ভিডকালীন কৰ্তব্যত নিয়োজিত হৈ আছে, তেওঁলোকক কিছু মানসিক সাহস দিয়াৰ উদ্দেশ্যে মহানগৰীৰ হাতীগাঁও, নুনমাটি, নাৰেংগী, চান্দমাৰি, গুৱাহাটী ক্লাবকে ধৰি ভিন্ন প্ৰান্তত আৰক্ষী-চিআৰপিএফৰ জোৱানক চাহ-মিঠাইৰে আপ্যায়ন কৰাই মানসিক সমৰ্থন দিয়াৰ প্ৰয়াস কৰিছে ৱেলফেয়াৰটোৱে। ডেম’ক্ৰেচী লাইভৰ মুখ্য সম্পাদক তথা মৰমলেণ্ড ৱেলফেয়াৰ চ’ছাইটিৰ সঞ্চালক মৰম কুমাৰৰ নেতৃত্বৰ এই কাৰ্যসূচী সম্পাদন হৈছে।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem