মৰাণত ‘জ্যোতিষ্মান – এখোজ আগলৈ’ গোটৰ প্ৰথম বাৰ্ষিক অধিবেশন

0 159

ডিজিটেল মাধ্যমৰ তীব্ৰ আগ্ৰাসনৰ এই আধুনিক সময়ত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ গুণগত মানদণ্ড সঠিক আৰু শক্তিশালী কৰি ৰখাৰ লক্ষ্যৰে স্থাপিত জ্যোতিষ্মান-এখোজ আগলৈ গোটৰ বাৰ্ষিক অধিবেশনখন সফলতাৰে সম্পন্ন হ’ল। মৰাণৰ টাই অধ্যয়ন আৰু গবেষণা প্ৰতিষ্ঠানত ১৩ নবেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অধিবেশনখন অনুষ্ঠিত হয়। মুখ্য উপদেষ্টা  মিতালী বৰ শইকীয়াই পতাকা উত্তোলন আৰু সভানেত্রী মণিজ্যোতি বৰগোহাঁয়ে বন্তি প্ৰজ্বলন কৰি আৰম্ভণি কৰা সভাখনত বহুতো গণ্য মান্য কবি সাহিত্যিক উপস্থিত থাকে।  বিশিষ্ট কবি প্ৰণৱ বৰ্মণ, ভাষা প্ৰকাশনৰ স্বত্বাধিকাৰ মুকুট শৰ্মা, বুৰঞ্জী বিদ তথা টাই ভাষাৰ গবেষক ডঃ গিৰীণ ফুকন, বিশিষ্ট কবি,আবৃত্তিকাৰ জুলিয়ানা বেগমে সভাত তেওঁলোকৰ বহুমূলীয়া বক্তব্য ৰাখে। সাহিত্য চৰ্চাৰ সমান্তৰালকৈ সমাজ সেৱাধৰ্মী কাম-কাজেৰে সমাজত এক অনুপ্ৰেৰণা মুলক পৰিবেশ গঢ়াত ব্ৰতী ‘জ্যোতিষ্মান-এখোজ আগলৈ গোটৰ তৰফৰ পৰা জেষ্ঠ উপদেষ্টা  মিতালী বৰ শইকীয়ালৈ ‘জ্যোতিষ্মান সাহিত্য সৌৰভ সন্মান’, সদানন্দ গগৈলৈ ‘জ্যোতিষ্মান সৌৰভ সন্মান’ আৰু চাণক্য ছিৰাং দেৱলৈ ‘জ্যোতিষ্মান অনুবাদকাৰ  সন্মান’ আগবঢ়োৱা হয়। গোটৰ প্ৰতিজন মডাৰেটক তেওঁলোকৰ অবদানৰ বাবে সন্মান জনোৱাৰ লগতে প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়।
অনুষ্ঠানত “জ্যোতিষ্মান” মুখপত্ৰ উন্মোচন কৰে মুকুট শৰ্মাই। মণিজ্যোতি বৰগোহাঁইৰ কবিতাপুথি “কৌমুদী” আৰু যোগেশ নাথৰ  গীতৰ কৰণি  “কোনে বা বজায় বীণ” উন্মোচন কৰে ক্ৰমে জুলিয়ানা বেগম আৰু ডঃ গিৰীণ ফুকনে।কবিতা পাঠ, গীত-মাত তথা অন্তৰঙ্গ আলাপেৰে সভাখন জীপাল কৰি তোলাৰ বাবে  জ্যোতিষ্মানৰ সভানেত্রী মণিজ্যোতি বৰগোহাঁই আৰু প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদিকা ৰুমী দত্তই উপস্থিত সকলো সাহিত্যনুৰাগীকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.