মৰাণৰ বিজয় সংকল্প দিৱসৰ খবৰে

0 280

নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি ডিব্ৰুগড়ৰ মৰাণত অনুষ্ঠিত হ’ল বিজয় সংকল্প দিৱস।বিজয় সংকল্প দিৱসত উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পোনপ্ৰথমে অসমৰ জাতি আৰু দেশৰ বাবে আত্মবলিদান দিয়া নমস্য ব্যক্তি সকল শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰাৰ সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি কয় যে ৫বছৰত আপোনালোকৰ এই চকীদাৰে কি কৰিলে তাৰ খতিয়ান দাঙি ধৰি আজি আপোনালোকৰ মাজত উপস্থিত হৈছো।আমাৰ চৰকাৰৰ কাৰ্য্যকালত ৮৫ শতাংশ লোকৰ ঘৰত বিদ্যুতৰ সংযোগ ঘটিল।দুখীয়া ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত বিভিন্ন আঁচনি প্ৰবৰ্তন হ’ল।মুদ্ৰা লোনৰ জৰিয়তে ৫০লাখ নিবনুৱা স্বাৱলম্বী হৈ পৰিল।আমি ২৫ বছৰৰ কাম আৰু ৫ বছৰত কৰিব বিচাৰো,ইয়াৰ বাবে সকলোৰে সহযোগিতা আৱশ্যক ।আনহাতে নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰে ৩খন দলং নিৰ্মাণ কৰাৰ কথা দোহাৰে।ভাৰত বাংলাদেশৰ সীমান্ত চীল কৰাকে আদি কৰি দুৰ্নীতিৰমুক্ত অসম গঢ়াৰ প্ৰয়াস কৰা কথা জানিবলৈ দিয়ে ।উল্লেখযোগ্য যে আজি বিজয় সংকল্পৰ সভাত বিভিন্ন দলীয় প্ৰাৰ্থীৰ লগতে অগণন ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.