মৰিয়নীৰ ঐতিহাসিক গাভৰু পাহাৰত উদ্ধাৰ হোৱা হিলৈটো যোৰহাট সংগ্ৰহালয়লৈ হস্তান্তৰ

0 182

মৰিয়নি ঐতিহাসিক গাভৰু ঐতিহাসিক গাভৰু পাহাৰৰ নামনিৰ তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ চটাই পৰ্বতৰ তেলপুঙত উদ্ধাৰ হোৱা গাঠিয়া হিলৈটো আজি মৰিয়নী আৰক্ষী চকীৰ পৰা জিলা সংগ্ৰহালয়, যোৰহাটে আনুষ্ঠানিকভাৱে অধিগ্ৰহণ কৰে৷ মৰিয়নীৰ ৰাজহ চক্ৰ বিষয়া অসীম বুঢ়াগোঁহাইৰ উপস্থিতিত মৰিয়নী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিলোচন নাথে জিলা সংগ্ৰহালয় বিষয়া অবন্তিকা পৰাশৰক সম্পদবিধ আজি হস্তান্তৰ কৰে৷ হিলৈটোৰ গাত খোদিত হৈ থকা লিপিসমূহ পৰীক্ষা কৰি জিলা সংগ্ৰহালয় বিষয়া অবন্তিকা পৰাশৰে জনায় যে দীঘলীয়া সময়ৰ বাবে বোকা-মাটিৰে পোত খাই থকা বাবে লিপিসমূহৰ কিছু অংশ নষ্ট হৈ গৈছে যদিও স্বৰ্গ, গদাধৰ আদি শব্দবোৰ স্পষ্ট হৈ থকাৰ পৰা ইয়াক গদাধৰ সিংহৰ বুলি অনুমান কৰিব পাৰি৷ তদুপৰি সম্প্ৰতি অসম ৰাজ্যিক সংগ্ৰহালয়ৰ অধীনত থকা গদাধৰ সিংহৰ আন তিনিটা খোদিত হিলৈৰ লিপিৰ লগত এই লিপিখিনিৰ যথেষ্ট সাদৃশ্য দেখা গৈছে৷ সেই দিশৰ পৰা এই হিলৈটোৰ সময়সীমা ১৬৮১ ৰ পৰা ১৬৯০ ৰ ভিতৰত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷এই বিষয়ে সংগ্ৰহালয় সঞ্চালকালয়ৰ উদ্যোগত অধিক অধ্যয়নৰ আশ্বাস দি বিষয়াগৰাকীয়ে জিলা প্ৰশাসন, স্থানীয় আৰক্ষী, সংবাদকৰ্মী তথা স্থানীয় সচেতন লোকসকলক তেওঁলোকৰ সজাগতা তথা তৎপৰতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

উল্লেখ্য যে চটাই চাহ বাগিছাৰ লাচিত নায়ক, প্ৰকাশ গোৱালা,চিৰচৰ পাহাৰীয়া, ৰবী তাঁতী আৰু বিকাশ দুচাদ নামৰ যুৱককেইজনে যোৱা ৭ অক্টোবৰ তাৰিখে মাছ মাৰিবলৈ যাওতে তেলপুং নামৰ পাহাৰীয়া নদীখনৰ বালিত পোত খাই থকা অৱস্থাত হিলৈটো উদ্ধাৰ কৰিছিল৷

Leave A Reply

Your email address will not be published.