যাত্ৰীৰ পৰা নিৰ্ধাৰিত ভাড়াতকৈ অধিক ভাড়া আদায় কৰা ডিজেল অটো, মেজিকৰ বিৰুদ্ধে লালগণেশত পৰিবহণ বিভাগৰ অভিযান

0 294

ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে যান বাহনৰ গৰাকী সকলক যাত্ৰীৰ পৰা নিৰ্ধাৰিত ভাড়াতকৈ অধিক ভাড়া আদায় নলবলৈ আহ্বান জনাই আহিছে। সমান্তৰালভাবে বৰ্দ্ধিত ভাড়া আদায় কৰা বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সতৰ্ক কৰি দিছে। ইয়াৰ পূৰ্বে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ অধ্যক্ষ পল্লব গোপাল ঝাই গুৱাহাটী মহানগৰীত যাত্ৰীৰ পৰা নিৰ্ধাৰিত পৰিমাণতকৈ অধিক বা বৰ্দ্ধিত ভাড়া আদায় লোৱা যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা পৰিবহণ বিষয়াক (প্ৰৱৰ্তক) নিৰ্দেশ দিছে।পৰিবহণ মন্ত্ৰী আৰু উপায়ুক্তৰ নিৰ্দেশত আনদিনাৰ দৰে আজিও জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে লখৰা – নেপালী মন্দিৰ পথৰ লালগণেশত এক আকস্মিক অভিযান চলায়। অভিযান কালত যাত্ৰীৰ পৰা বৰ্দ্ধিত ভাড়া আদায় লোৱা ৩০ খন ডিজেল অটো আৰু মেট্ৰো শ্বেয়াৰ টেক্সি তথা মেজিক ধৰা পেলাই জব্দ কৰা হয়। জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবৰ দিয়া মতে মটৰ পৰিবহণ আইন ভংগ কৰি যাত্ৰীৰ পৰা নিৰ্ধাৰিত ভাড়াতকৈ অধিক বা বৰ্দ্ধিত ভাড়া আদায় কৰা যিকোনো যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে এই অভিযান চলি থাকিব।

Leave A Reply

Your email address will not be published.