যানবাহনৰ চালক-গৰাকীৰ সুবিধাৰ্থে বাহনৰ নথিপত্ৰ নৱীকৰণ, কৰ পৰিশোধকে ধৰি সকলো ওজৰ-আপত্তি নিষ্পত্তি কৰাৰ কাৰণে ৩০,৩১মাৰ্চৰ বন্ধৰ দিনতো খোলা থাকিব কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়। দুয়োটা দিনতে বাহনৰ চালকে নিজৰ অনুজ্ঞাপত্ৰখন সঠিক কৰি লোৱাকে ধৰি ব্যক্তিগত-বাণিজ্যিক সকলো বাহনৰ গৰাকী, প্ৰতিষ্ঠানে কৰ পৰিশোধ, বাহনৰ যাৱতীয় নথিপত্ৰ নৱীকৰণ আদিৰ কাম সম্পন্ন কৰিব পাৰিব। আগন্তুক দিনত ৰাজ্যৰ ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখাৰ বাবে বাহনৰ গৰাকী-প্ৰতিষ্ঠানে নিজৰ নিজৰ বাহনসমূহ বৈধ কৰি ৰখাৰ উদ্যেশেই এই ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। চলিত বিত্তীয় বৰ্ষৰ অন্তিম দুটা দিনত তেওঁ সকলো শ্ৰেণীৰ বাহনৰ গৰাকীকে যাৱতীয় কৰ-কাটলসমূহ আদায় দি নথি-পত্ৰসমূহ সঠিক কৰি লবলৈ কাতৰে আহ্বান জনাই। পথত চলাচলৰ বাবে নথি-পত্ৰসমূহেই যান-বাহনৰ প্ৰধান সাৰথি বুলি উল্লেখ কৰি পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে।
Trending
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati