যোগাসনৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্রহণ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে বশিষ্ট বৰপথাৰৰ ত্ৰিদীপ কুমাৰ বৰ্মনে যোগাসনৰ ‘ডিম্বাসন’ আসনটো ৩০৮ চেকেণ্ড সময় কৰি ‘বুক অব অসম ৰেকৰ্ড’ গঢ়িবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, কিশোৰটোৱে ২০১৯ বৰ্ষত বেষ্ট এচিয়ান লিটিল যোগা মাষ্টাৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও ২০১৮ আৰু ২০১৯ বৰ্ষত বহুটো ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্রহণ কৰি সোন,ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। ২০২০ বৰ্ষত অনলাইন যোগে পাঞ্জাৱত অনুষ্ঠিত হোৱা যোগ প্ৰতিযোগিতাত অংশগ্রহণ কৰি শ্ৰেষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ খেলুৱৈ বঁটা লাভ কৰাৰ উপৰিও উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা যোগ প্ৰতিযোগিতাত অংশগ্রহণ কৰি ‘যোগ ৰত্ন’ সন্মান অৰ্জন কৰিছিল। লিটিল যোগ মাষ্টাৰ ত্ৰিদীপ কুমাৰ বৰ্মনে বৰ্তমান যোগগুৰু অসীম বৰুৱাৰ অধীনত দিশপুৰস্হিত সুদৰ্শন যোগ চেণ্টাৰত প্ৰশিক্ষণ গ্রহণ কৰি আছে। উল্লেখযোগ্য যে, বৰপথাৰ নিবাসী ৰাজকুমাৰ বৰ্মন আৰু বিনিতা বৰ্মনৰ একমাত্র পুত্র ত্ৰিদীপ কুমাৰ বৰ্মন লালমাটিস্থ মহৰ্ষি বিদ্যা মন্দিৰৰ সপ্তম মান শ্ৰেণীত অধ্যয়নৰত।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram