যোৰহাট হোমিওপ্যেথিক চিকিৎসা মহাবিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

0 173

ভাৰত চৰকাৰৰ বন্দৰ- জাহাজ আৰু জলপথ আৰু আয়ুস বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি যোৰহাটৰ ডা: জীৱকান্ত শইকীয়া হোমিওপ্যেথিক চিকিৎসা মহাবিদ্যালয়ৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷হোমিওপ্যেথিক চিকিৎসাৰ গভীৰতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে প্ৰাচীন আৰু আধুনিক চিকিৎসাক লগলগাই চিকিৎসা প্ৰদান কৰিলে দেশখনে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত অধিক উন্নতিৰ শিখৰত আগুৱাব পাৰিব বুলি মূল সভাৰ ভাষণত উল্লেখ কৰে৷ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিক বহু দেশে আদৰি লোৱাটো দেশৰ বাবে গৌৰৱৰ বিষয় বুলিও মন্ত্ৰীগৰাকীয়ে কয়৷ ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষতে Integrated Hospital নিৰ্মাণৰ পৰিকল্পনা কৰাৰ বিষয়েও অৱগত কৰি মন্ত্ৰী গৰাকীয়ে কয় যে,এনে কৰিলে একেখন চিকিৎসালয়তে সকলোৱে প্ৰাচীন তথা ট্ৰেডিশ্বনেল( AYUSH) আৰু আধুনিক চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ’ব৷ হোমিওপ্যেথিক চিকিৎসা মহাবিদ্যালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে চিকিৎসা মহাবিদ্যালয়খনত থকা ভেষজ উদ্যানখন পৰিকল্পিত ভাৱে Center of Excellence হিচাপে গঢ়ি তুলাৰ সন্দৰ্ভত অতি শ্ৰীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল প্ৰেৰণৰ ব্যৱস্থা কৰাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে ভাষণত কয়৷ কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে সভাৰ আগত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগতে পৰিচালনা সমিতিৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰি মহাবিদ্যালয়ৰ আন্ত:গাঁথনি আৰু বিভিন্ন সমস্যাৰ বুজ লয়৷

অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আদি বহু কেইজন বিশিষ্ট অতিথিয়ে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি হোমিওপ্যেথিক চিকিৎসাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাষণ প্ৰদান কৰে৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত চিকিৎসা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক তথা বিশিষ্ট অধিবক্তা ভৱ গোস্বামী, মহাবিদ্যালয়খনৰ দাতা ডা:জীৱকান্ত শইকীয়াৰ পুত্ৰ সত্যব্ৰত শইকীয়া,প্ৰাক্তন অধ্যক্ষ ডা: কে কে শৰ্মা,প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষদ্বয় ডা: চি পি দত্ত আৰু ডা: ডি চি সেনাপতিক এখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়৷আজিৰ অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: নাৰায়ণ দেৱনাথে৷

অনুষ্ঠানত নতুন দিল্লীস্থিত কেন্দ্ৰীয় হোমিওপ্যেথিক গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ডা: সুভাষ কৌশিক,জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, হাউচিং বৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত,অসম চৰকাৰৰ আয়ুস সঞ্চালকালয়ৰ প্ৰতিনিধি পংকজ চমুৱা,যোৰহাটৰ বহু কেইজন বিশিষ্ট নাগৰিক, হোমিওপ্যেথিক চিকিৎসা মহাবিদ্যালয়ৰ কেইবাজনো প্ৰাক্তন অধ্যক্ষৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকল আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছিল৷

Leave A Reply

Your email address will not be published.