লখিমপুৰ জিলাত দৈনিক ১১হাজাৰ ৮০০ বিনামূলীয়া ক’ভিড ভেকচিন দিয়াৰ আঁচনি আৰম্ভ

0 367

অতিমাৰী ক’ৰণা নিৰ্মূল অভিযানৰ পদক্ষেপ হিচাপে লখিমপুৰ জিলাত আজিৰ পৰা ১৮ বছৰৰ উৰ্ধৰ দৈনিক ১১হাজাৰ ৮০০ নাগৰিকক বিনামূলীয়া কৈ ক’ভিড ১৯ জিলা স্বাস্থ্য সমিতিয়ে মেগা ভেকচিন আঁচনি আৰম্ভ কৰিছে । জিলাখনৰ স্বাস্থ্য বিভাগৰ অন্তৰ্গত মুঠ ৭ টা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ প্ৰায় ৪৮ টা অস্থায়ী বিনামূলীয়া ভেকচিন প্ৰদান কেন্দ্ৰ স্থাপন কৰি প্ৰাথমিক পৰ্যায়ত তিনি দিনৰ বাবে ধাৰাবাহিক ভাবে এই মেগা ভেকচিন প্ৰদান অভিযান অব্যাহত ৰখাৰ কৰ্মসূচী লখিমপুৰ জিলাত আৰম্ভ হৈছে। জিলাখনৰ উত্তৰ লখিমপুৰ নগৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এলেকাত এহেজাৰ , বিহপুৰীয়া স্বাস্থ্য কেন্দ্ৰ এলেকাত ১৬০০ , নাওবৈছা স্বাস্থ্য খণ্ড এলেকাত ২২০০ , বগীনদী স্বাস্থ্য খণ্ডৰ এলেকাত ৩০০০, ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ এলেকাত ১৬০০ , ঘিলামৰা স্বাস্থ্য খণ্ডৰ এলেকাত ১০০০ আৰু ঢলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এলেকাৰ ১২০০ ব্যক্তিক দৈনিক এই ভেকচিন প্ৰদানৰ লক্ষ্য বান্ধি ইতিমধ্যে সংশ্লিষ্ট স্বাস্থ্য খণ্ডলৈ প্ৰয়োজনীয় ভেকচিন প্ৰেৰণ কৰি আজি পুৱা ১০ বজাত সমগ্ৰ জিলাখনত এই মেগা ভেকচিনেচন আঁচনি আৰম্ভ কৰা বুলি জিলা ইমিওনাইজেচন বিষয়াৰ কাৰ্যালয়ৰ সূত্ৰই জানিবলৈ দিছে। আজিৰ পৰা আৰম্ভ হোৱা এই মেগা ভেকচিন প্ৰদান আঁচনি সফল ৰূপায়ণৰ বাবে সংশ্লিষ্ট খণ্ড প্ৰাথমিক স্বাস্থ্য বিভাগে স্থানীয় ভাবে অস্থায়ী ভিত্তিত স্থান নিৰূপণ কৰি এনে কেন্দ্ৰ সমূহত পুৱা ১০ বজাৰ পৰা বিধিগত প্ৰক্ৰিয়াৰে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰিছে। প্ৰাৰম্ভিক ভাবে আজিৰ পৰা অহা ২৩ জুনলৈ তিনিদিন ধৰি এই মেগা ভেকচিন প্ৰদান কাৰ্যসূচী চলিব যদিও স্বাস্থ্য বিভাগৰ সূত্ৰই এই কাৰ্যসূচী অনাগত ৩০ জুন পৰ্যন্ত সম্প্ৰসাৰিত হোৱাৰো সম্ভাৱনীয়তা দোহাৰিছে । চৰকাৰী ভাবে বিনামূলীয়া ভাবে প্ৰদান কৰা এই ভেকচিন লবলৈ জিলাখনৰ বিভিন্ন কেন্দ্ৰত নাগৰিকৰ দীঘলীয়া শাৰী দেখা গৈছে পুৱাৰ পৰাই । ইপিনে ঘিলামৰা স্বাস্থ্য খণ্ডই ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কান্ত খনিকৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বেবেজিয়া কৈৱত উচ্চতৰ মাধ্যমিক বিদ্যালয়, মুহি চন্দ্ৰ মিৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু বৰদৈবাম উচ্চ মাধ্যমিক বিদ্যালয়ত এই প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰি আৰম্ভ কৰিছে। তেনেদৰে ঢকুৱাখনা স্বাস্থ্য খণ্ডই খণ্ডটোৰ অন্তৰ্গত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়, পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, লুইত পৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়, জামুগুৰি চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়, সাপতিয়া উচ্চ মাধ্যমিক বিদ্যালয়, মধুপুৰ চাহ বাগান( কেৱল চাহ শ্ৰমিকৰ বাবে)ত কেন্দ্ৰ স্থাপন কৰি বিনামূলীয়া কোভিড ভেকচিন প্ৰদান আঁচনি আৰম্ভ কৰিছে। ১৮ বছৰৰ উৰ্ধৰ নাগৰিক সকলক যাবতীয় ফটো যুক্ত ভোটাৰ পৰিচয় পত্ৰ , পানকাৰ্ড , ড্ৰাইভিং লাইচেন্স , আধাৰকাৰ্ড আদি বৈধ নথিপত্ৰ লগত লৈ সংশ্লিষ্ট ভেকচিন কেন্দ্ৰ সমূহত উপস্থিত হৈ চৰকাৰী ভাবে আৰম্ভ কৰা মাৰাত্মক কোভিড নিৰ্মূল অভিযানৰ একোজনকৈ সফল
যোদ্ধা হিচাবে এই যুঁজৰ অংশীদাৰ হবলৈ নাগৰিক সকলৰ প্ৰতি ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ খণ্ড আঁচনি প্ৰৱন্ধক সত্যম কুমাৰ চাহুৱে আহ্বান জনাইছে।
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.