লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগ-ঢকুৱাখনাত ‘স্পকেন ইংলিছ’ এপ’ৰ এদিনীয়া কৰ্মশালা

0 380

লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত বৃহস্পতি বাৰে ঢকুৱাখনাত ৰাজ্য চৰকাৰৰ  সদ্য প্ৰৱৰ্তিত ‘স্পকেন ইংলিছ এপ’ৰ ওপৰত এখন দিনজোৰা কৰ্মশালা অনুষ্ঠিত কৰা হয়।  ঢকুৱাখনা মহকুমাটোৰ ঢকুৱাখনা আৰু ঘিলামৰাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত  চৰকাৰী খণ্ডৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহৰ প্ৰধান আৰু ইংৰাজী বিষয়ৰ শিক্ষাগুৰু সকলৰ উপস্থিতিত পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এই এদিনীয়া কৰ্মশালাখন অনুষ্ঠিত হয় ।  লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ সাধাৰণ সম্পাদক প্ৰদীপ বৰা , পৰিষদৰ ৰাজ্যিক সমিতিৰ সদস্য অনন্ত কুমাৰ দাস ,  পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুলু শইকীয়া , এই বিষয়ৰ  বিশেষজ্ঞ প্ৰশিক্ষক ,নাওবৈছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মাধুৰীমা ভূঞা ,ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপাংকৰ বৰাই এই কৰ্মশালাত অংশগ্ৰহণ কৰে। শিক্ষা খণ্ড দুটাৰ ১০৯ খন বিদ্যালয়ৰ ১০৯ গৰাকী ইংৰাজী শিক্ষকৰ উপস্থিতিত জিলা পৰ্য্যায়ৰ এই কৰ্মশালাত বিশেষজ্ঞ প্ৰশিক্ষক সকলে অংশগ্ৰহণকাৰী শিক্ষক সকলক এই নব্য প্ৰৱৰ্তিত  এপ’ৰ সন্দৰ্ভত সমগ্ৰ কাৰিকৰী নীতি নিৰ্দেশনা  ,ব্যৱহাৰিক জ্ঞানযুক্ত দৃশ্য শ্ৰৱ্য প্ৰশিক্ষণ  প্ৰদান কৰি  ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এই সময়োপযোগী পদক্ষেপৰ সফল ৰূপায়ণৰ বাবে উপযোগী কৰি তোলাত গুৰুত্ব আৰোপ কৰে । কৰ্মশালাতেই শিক্ষা খণ্ড দুটাৰ মুঠ ৫ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে ১০০ শতাংশ পঞ্জীয়ন সম্পূৰ্ণ কৰি এই পদক্ষেপলৈ ইতিবাচক আৰু আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হয় ।এই ৫ গৰাকী শিক্ষাগুৰুক  পৰিষদৰ তৰফৰ পৰা মহকুমাটোৰ শিক্ষা খণ্ড দুটাৰ এই সম্পৰ্কীয়  পৰৱৰ্তী কাম কাজৰ গুৰু দায়িত্ব অৰ্পণ কৰি বিভাগীয় পদক্ষেপৰ সফল ৰূপায়ণৰ গধুৰ দায়িত্ব প্ৰদান কৰে জিলা অধিবিদ্যা পৰিষদে।কৰ্মশালাৰ পূৰ্বে অভ্যাগত সকলক পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা গামোচাৰে উষ্ণ আদৰণি জনোৱা হয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.