লন বলৰ ডাবলছত স্বৰ্ণ জয় অসমৰ নয়নমণি শইকীয়া আৰু তানিয়া চৌধুৰীৰ

0 174

গুজৰাটৰ পৰা আহিছে ইটোৰ পিছত সিটো ভাল খবৰ। গুজৰাটত চলি থকা ৩৬তম ৰাষ্ট্ৰীয় গেমছত অসমৰ খেলুৱৈৰ জয়ধ্বজা উৰিবলৈ লৈছে। কালি অম্লান বৰগোঁহাইৰ দ্বিমুকুট, হিমা দাসৰ ৰূপৰ পিছত আজিও ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পৰা অসমলৈ আহিল কেইবাটাও সুখবৰ। লন বলৰ ডাবলছত স্বৰ্ণ জয় কৰিছে অসমৰ কমনৱেলথ গেমছৰ স্বৰ্ণজয়ী নয়নমণি শইকীয়া আৰু তানিয়া চৌধুৰীয়ে। ইফালে পুৰুষৰ লনবল ইভেণ্টত দ্বিতীয়তো পদক লাভ কৰে অসমৰ মৃদুল বৰগোঁহায়ে। ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে মৃদুল বৰগোহাঁইয়ে। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় ক্ৰীড়াত লন বলত অসমে তিনিটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জ অৰ্জন কৰে। পুতুল সোণোৱাল, আনন্দ নাৰ্জাৰী আৰু মৃদুল বৰগোহাঁইৰ দ্বাৰা গঠিত অসমৰ তিনিজনীয়া পুৰুষ দলে ফাইনেলত পশ্চিম বংগক ২৫-৬ৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হয়

উল্লেখ্য যে লনবলত অসমক তৃতীয়টো স্বৰ্ণপদক প্ৰদান কৰে পুৰুষৰ ডাবলছত মৃদুল বৰা আৰু ৰূপতু গগৈয়ে। ইয়াৰোপৰি অসমৰ তানিয়া চৌধুৰী, বনগীতা হাজৰিকা, অনন্যা শ‍ইকীয়া আৰু অদিনীতা কাকতীৰ দ্বাৰা গঠিত মহিলা দলটোৱে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইফালে লন বলৰ মহিলাৰ একক শাখাৰ খেলত কমনৱেল্থৰ স্বৰ্ণজয়ী নয়নমণি শইকীয়াই ব্ৰঞ্জৰ পদক জয় কৰে।আনফালে সাতোৰ ইভেণ্টত পুৰুষ আৰু মহিলাৰ ২০০ মিটাৰ বাটাৰফ্লাইত ক্ৰমে বিক্ৰম চাংমাই আৰু আস্থা চৌধুৰীয়ে ৰূপৰ পদক অৰ্জন কৰিছে।উল্লেখ্য যে, এতিয়ালৈকে অসমে ছটা সোণৰ পদকৰ লগতে ৫ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।

Leave A Reply

Your email address will not be published.