লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে ঢকুৱাখনাত গণ সমদল

0 308

পৰাক্ৰমী জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক পৱিত্ৰ জন্ম জয়ন্তী উপলক্ষে দেওবাৰে পুৱা ঢকুৱাখনা নগৰত উলিওৱা হয় এক গণ সমদল । ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সহযোগত উলিওৱা হয় এই সমদল। ঢকুৱাখনা ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই গণ সমদলৰ উদ্বোধন কৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই । ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলে ,সহকাৰী আয়ুক্ত মানৱ জ্যোতি দাস, ৰিমা কৌশিক, ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক অচ্যুত চত্রধৰা, সন্থাৰ উপ সভাপতি প্রিয় ৰাম ফুকন, মহকুমা প্ৰশাসনৰ সমূহ কৰ্মচাৰী, ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয় , জিলা ক্ৰীড়া সন্থা, স্বাস্থ্য বিভাগ , লখিমপুৰ জিলা টাইকোৱান্দু সন্থাৰ অধ্যক্ষ কৃষ্ণ চত্ৰধৰা, গাঁও প্ৰধান সকলৰ লগতে  গৰিষ্ঠ সংখ্যক কৰ্মকর্তা আৰু ক্ৰীড়া প্ৰেমীৰ সহযোগিতাত উলিওৱা এই গণ সমদলে ঢকুৱাখনা নগৰাঞ্চল পৰিভ্ৰমন কৰি পুনৰ ৰাজহুৱা খেল পথাৰত কাৰ্যসূচীৰ সফল সামৰণি মাৰে।এই পবিত্ৰ দিৱস উপলক্ষ্যত ঢকুৱাখনা সদৰ থানা আৰু ঢকুৱাখনা পৌৰ সভাৰ উদ্যোগতো পুৱা নগৰৰ কেন্দ্ৰ স্থল,থানা চৌহদত স্বচ্ছ ভাৰত অভিযান চলাই পৰিৱেশ নিকাকৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.