লিচুৰ ব্যৱসায়ে বহুজন স্বাৱলম্বী হৈছে

0 296

বৰ্তমান লিচুৰ বতৰ।এতিয়া সকলো লিচু গছতে লমা-লমে ৰঙা হৈ ওলমি থাকে এই জনপ্ৰিয় ফলবিধ । লিচু এনে এবিধ ফল যাক বেয়া পোৱা মানুহ নাই বুলিলেই হয়।সৰু সৰু ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধালৈকে ই অতি জনপ্ৰিয় আৰু এই বতৰৰ ফল লিচু এটা হ’লেও সোৱাদ নোলোৱাকৈ নাথাকে।তেজপুৰৰ লিচু বিশ্ব প্ৰসিদ্ধ।আপুনি যদি এতিয়ালৈকে তেজপুৰৰ লিচুৰ সোৱাদ নোলোৱাকৈ আছে তেনেহলে ডাঙৰ ভুল কৰিছে।কথিত আছে তেজপুৰৰ দৰে লিচুৰ সোৱাদ পৃথিৱীৰ অন্যঠাইত বিৰল।সেয়েহে পৃথিৱী বিভিন্ন স্থানৰ পৰা লোক লিচুৰ বতৰত অসম তথা তেজপুৰ পৰদৰ্শনৰ বাবে আহিলে লিচু সোৱাদ নোলোৱাকৈ নাথাকে।এনে লিচুৰ বতৰতে তেজপুৰৰ পৰুৱাস্থিত এখন লিচু বাগানত কথা উল্লেখ কৰিব পাৰি।এই বাগানখনত লমা-লমে ৰঙা হৈ উলমি আছে বিভিন্ন প্ৰজাতিৰ লিচু। বিলাতী,ৰঙীয়া,পিয়াজী,ইলাচী,বোম্বাই আদি প্ৰজাতিৰ লিচুসমূহে তেজপুৰৰ লগতে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ মানুহক আকৰ্ষিত কৰিছে।এই বাগানৰ লিচু ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ ৰপ্তানি কৰা হয়। উল্লেখযোগ্য এই বাগান খনত দেখা পোৱা লেচু সমূহৰ চাহিদা বজাৰত অতি বেছি ১টকাৰ পৰা আৰম্ভ কৰি কোনোটো লেচু ২০ টকা পৰ্যন্ত পাইকাৰি দৰত বিক্ৰী কৰা হয় বুলি লেচু ব্যৱসায়ী সকলে জানিবলৈ দিয়ে।এইসমূহ লেচু বিক্ৰী কৰি ব্যৱসায়ী সকলে বছৰি ১.৫০ ৰ পৰা ২ লাখ টকা উপাৰ্জন কৰি স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে।

Leave A Reply

Your email address will not be published.