ৰাজ্যৰ অগ্ৰণী অনা চৰকাৰী সংগঠন লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত দুই ডিচেম্বৰত দিনজোৰা কার্যসূচীৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবন প্ৰাংগনত চ্যুকাফা দিৱস উদযাপন কৰা হয়। পুৱা দহ বজাত চ্যুকাফাৰ প্রতিচ্ছবিত বন্তি প্রজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁইয়ে। মাল্যাৰ্পণ কৰে ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টাদ্বয় ড০ মনোৰঞ্জন বৰগোহাঁই আৰু হৰেন বৰগোঁহাইয়ে। ৰেখা নাওশলীয়া ফুকন ডেকাৰ নেতৃত্বত এটি সুন্দৰ সমবেত সংগীতৰে মঞ্চৰ কার্যসূচী শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে মিলিজুলি সাংস্কৃতিক সংঘ তথা জিতু গগৈৰ নেতৃত্বত জেং বিহু পৰিবেশন কৰা হয়। বিভিন্ন প্ৰান্তৰ পৰা অহা ডেৰ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত আদৰণি ভাষণ আগবঢ়াই অভ্যর্থনা সমিতিৰ সম্পাদক বিতুমণি গোস্বামীয়ে। লেংডন ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা ড০ মনোৰঞ্জন বৰগোঁহাইয়ে চ্যুকাফা দিৱসৰ তাপৰ্য আগবঢ়াই। ৰাজ্যৰ বিশিষ্ট অভিনেতা অতুল পাচনিয়ে হাস্য-মধুৰ পৰিবেশ এটি সৃষ্টি কৰি সমবেত ৰাইজক আমোদ দিয়ে। সভাত জ্যোতি চিত্রবনৰ অধ্যক্ষ বিদ্যাসাগৰ বৰা,ড০ লুকুমণি বৰা, হৰেন বৰগোহাঁই, কুতুবুদ্দিন আহমেদ, লেংডন ফাউণ্ডেশ্যনৰ নিতুল বৰগোহাঁই, প্রদীপ দত্ত, লেংডন কাকতক মুখ্য সম্পাদক ৰেখা বৰগোহাঁই, গণ অধিকাৰ কাকতৰ সম্পাদক চন্দ্র কুমাৰ শইকীয়া,জিতু গগৈ আদিয়ে চ্যুকাফা দিৱস উদযাপনৰ ওপৰত আলোকপাত কৰে। উল্লেখ্য যে, লেংডন ফাউণ্ডেশ্যনৰ লক্ষ্য আৰু উদ্দেশ্যই হৈছে চ্যুকাফাৰ আদর্শৰে জাতি-ধর্ম-বর্ণ-নির্বিশেষে সমন্বিতে আগবাঢ়ি গৈ অসমখনক আগুৱাই লৈ যোৱা।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডলী চৌধুৰী আৰু ভুবন চুতীয়াক ৰাষ্ট্ৰপতিৰ মাই ভাৰত এন এছ এছ ৰাষ্ট্ৰীয় বঁটা প্ৰদান
- NSE to build 380cr, 60-bed unit for Tata Memorial Centre at Navi Mumbai
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গ্ৰন্থ উন্মোচনী, কবিতা পাঠ আৰু সম্বৰ্ধনা অনুষ্ঠান
- মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদানৰ দাবী – মুম্বাই সাহিত্য সভাৰ উদ্যোগত মানৱ দৰদী শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
- যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক কাৰ্যসূচী সম্পন্ন
- বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীত ‘স্বচ্ছতা’ অভিযান
- NSE registered investor base crosses 12 crore (120 million) unique investors (unique PANs)
- জুবিন গাৰ্গলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ শ্ৰদ্ধাঞ্জলি
- ছত্তীশগঢ়ৰ ৰাজভৱনত উজানবজাৰৰ ভাওনা শিল্পী দলক সম্বৰ্ধনা -দৰবাৰ হলত জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা
- জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনা এজন অচিনাক্ত ব্যক্তিক সৎকাৰ কৰে পথিকে