লোকশিল্পী লোকেশ্বৰ ডেকাক ৰেডিঅ’ শ্ৰোতা সংঘৰ সম্বৰ্ধনা

0 417

লোকসংস্কৃতিৰ নিৰৱ সাধক,মৰিগাঁৱৰ ৰজাগাঁও নিৰ্বাসী, বিহুগীতক প্ৰথম ৰেকৰ্ড কৰোতা, ৮৪ উৰ্দ্ধৰ বয়সীয়ান লোকশিল্পী লোকেশ্বৰ ডেকাক আজি মধ্য অসম ৰেডিঅ’শ্ৰোতা সংঘই সম্বৰ্ধনা জ্ঞাপন কৰে।২০২৪ বৰ্ষৰ আৰম্ভণিতে গঠণ হোৱা মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘই নিৰলস লোক কৃষ্টি সাধনা কৰা ডেকাক জীৱনৰ বিয়লি বেলাত কৰ্মময় জীৱনৰ স্বীকৃতি স্বৰূপে এখনি বিহুৱান, এখনি চেলেং, গৱেষক ড° চন্দ্ৰ কমল চেতিয়াৰ হাতেৰে নিৰ্মিত এটি গগণা, গ্ৰন্থৰ টোপোলা আৰু এখনি সম্বৰ্ধনা পত্রৰে সন্মান জনায়। অসমীয়াৰ বাপতিসাহোন বিহুগীতক বহুল প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্রত ডেকাই ৬০ দশকতে প্ৰথম বিহুৰ গ্ৰমোফোন ৰেকৰ্ড কৰা প্ৰথম গৰাকী শিল্পী হিচাপে মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘই তেখেতক এক স্বীকৃতি প্ৰদান কৰিবলৈ পায় আনন্দ প্ৰকাশ কৰে। নগাঁৱৰ খুটিকটিয়াত এক বিশেষ স্থানত লোকেশ্বৰ ডেকাক এই সন্মান জনাই সংঘৰ মূখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথে কয় – “সংঘৰ এই প্ৰচেষ্টা ভৱিষ্যতলৈ অব্যাহত থাকিব। লোক-কৃষ্টিৰ পথাৰত লোকাই থকা এনে ধৰণৰ সাধক সকলক জনগণৰ মাজত পৰিচয় কৰাৰ লগতে সন্মান প্ৰদান কৰা আমাৰ মূখ্য উদ্দেশ্য” । অনাতাঁৰ ঘোষক ৰাহুল দেৱ বৰদলৈয়ে পৰিচালনা কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকি মনৰ ভাৱ প্ৰকাশ কৰে আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰসাৰণ কাৰ্যবাহী গৌতম নাথ,বিশিষ্ট নাগৰিক হৰেন চন্দ্ৰ কলিতা, সমাজ সেৱিকা কনকলতা দেৱী,অনাতাঁৰ ঘোষক তমজিদা বেগম, দিব্যজ্যোতি বৰুৱা,বিমান মজুমদাৰ আৰু বহু কেইগৰাকীয়ে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.