শংকৰদেৱ বিষয়ক ৰমেন দাসৰ কাব্য গ্ৰন্থ ‘ছন্দেৰে গুৰু বন্দন’ উন্মোচন-ড° অমৰজ্যোতি চৌধুৰী, ড° সূৰ্যকান্ত হাজৰিকাৰ ভূয়সী প্ৰশংসা

0 87

অসমীয়া জাতি প্ৰতিষ্ঠাৰ মহান কাণ্ডাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি দিছপুৰ লাষ্টগেট নামঘৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শনিবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় বিশিষ্ট লেখক-শংকৰদেৱৰ একনিষ্ঠ সেৱক ৰমেন দাসৰ শংকৰদেৱৰ জীৱন ভিত্তিক কাব্য গ্ৰন্থ ‘ছন্দেৰে গুৰু বন্দন’ । উন্মোচন কৰে অধ্যাপক-লেখক ড° অমৰজ্যোতি চৌধুৰী, অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকা আৰু ড° ভূপেন ৰায়চৌধুৰীয়ে। ড° দ্বীপেন দাসে আঁত ধৰা আৰু মহানন্দ দাসৰ বৰগীতেৰে আৰম্ভণি হোৱা অনুষ্ঠানটোত নিজৰ উন্মোচনী ভাষণত ড° অমৰজ্যোতি চৌধুৰীয়ে ৰমেন দাসে ছন্দেৰে গুৰু বন্দন কাব্য গ্ৰন্থৰ জৰিয়তে শংকৰদেৱক আন্তৰিকতাৰে ক্ষেত্ৰত বিশেষ অৱদান যোগোৱা বুলি মন্তব্য কৰে।

‘ছন্দৰ মাজেৰে মহাপুৰুষ শংকৰদেৱৰ দৰে বিশাল ব্যক্তিত্বক তুলি ধৰিবলৈ কৰা প্ৰয়াস বিশেষ বৌদ্ধিক দক্ষতাৰ লগতে মহানতাৰো পৰিচায়ক। কবিতাটি পঢ়ি মই আশ্চৰ্যবোধ কৰিছো,’ ড° চৌধুৰীয়ে কয়।

আনহাতে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকাই ৰমেন দাসৰ দৰে ব্যক্তিৰ এনে প্ৰয়াসসমূহৰ জৰিয়তে শংকৰদেৱক বুজাৰ, আলোচনা কৰাৰ বিশেষ পৰিৱেশ সৃষ্টি হয় বুলি মন্তব্য কৰে। সেইদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ড° ভূপেন ৰায়চৌধুৰীয়ে ৰমেন দাসৰ শংকৰদেৱ কেন্দ্ৰিক কাব্য গ্ৰন্থখন অসমীয়া সাহিত্যৰ ভৰাললৈ গুৰুত্বপূৰ্ণ অৱদান বুলি অভিহিত কৰে। উল্লেখ্য যে হোলীগীতৰ সাধক হিচাপে বিশেষ পৰিচিতি থকা ৰমেন দাসে ইয়াৰ পূৰ্বে প্ৰায় ৩০ হাজাৰ শব্দ সম্বলিত এটি বাক্যত ‘গুৰু প্ৰণতি’ শীৰ্ষক শংকৰদেৱৰ জীৱন ভিত্তিক গ্ৰন্থ লিখি গীণিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছিল।

Leave A Reply

Your email address will not be published.