প্ৰাগজ্যোত্ষপুৰ বিশ্ববিদ্যালয় পৃষ্ঠপোষক সংস্থা শংকৰদেৱ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ বাৰ্ষিক সাধাৰণ সভা ২২ জুন ২০২৫ তাৰিখে সম্পন্ন হয়। ২০২১ চন আৰম্ভ হোৱা এই প্ৰত্ষ্ঠানে অতি কম সময়তে বহুকেইটা উল্লেখনীয় পদক্ষেপেৰে নৰ্থ ইষ্ট কনক্লেভ ২০২১ ত সফলতাৰে সম্পন্ন কৰাৰ পৰা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় তথা Centre for Indo-ASEAN Strategic Studies (CIASS) দৰে শৈক্ষিক দিশত বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে ইতিমধ্যে ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট সমাদৰ লাভ কৰিছে আৰু তৃতীয় বৰ্ষৰ নামভৰ্ত্তি চলি আছে। শংকৰদেৱ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ সভাপতি লেঃজেঃ(অৱসৰী) ৰাণা প্ৰতাপ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বশিষ্ঠ বুজৰবৰুৱা, ক্ষেত্ৰ প্ৰচাৰক RSS কে, এন, ৰঘুনন্দনজী, সংগঠনিক সম্পাদক, বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থান, ড° পৱণ তিৱাৰী, সংগঠন মন্ত্ৰী, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰ, শংকৰদেৱ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ, সম্পাদক প্ৰফেচাৰ সুদেষ্ণা ভট্টাচাৰ্ষই আদৰণি ভাষণ তথা বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে। কোষাধক্ষ্য বিকাশ নাগপুৰীয়াই ২০২৪-২৫ বৰ্ষৰ হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰাৰ লগতে ২০২৫-২৬ বৰ্ষৰ বাজেট পাঠ কৰে। অনুষ্ঠানত ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাধক্ষ্য প্ৰঃ গঙ্গা প্ৰসাগ প্ৰসেন, প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাধক্ষ্য় প্ৰঃ স্মিতি কুমাৰ চিনহা কে ধৰি কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকে।
Trending
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO