প্ৰাগজ্যোত্ষপুৰ বিশ্ববিদ্যালয় পৃষ্ঠপোষক সংস্থা শংকৰদেৱ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ বাৰ্ষিক সাধাৰণ সভা ২২ জুন ২০২৫ তাৰিখে সম্পন্ন হয়। ২০২১ চন আৰম্ভ হোৱা এই প্ৰত্ষ্ঠানে অতি কম সময়তে বহুকেইটা উল্লেখনীয় পদক্ষেপেৰে নৰ্থ ইষ্ট কনক্লেভ ২০২১ ত সফলতাৰে সম্পন্ন কৰাৰ পৰা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় তথা Centre for Indo-ASEAN Strategic Studies (CIASS) দৰে শৈক্ষিক দিশত বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে ইতিমধ্যে ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট সমাদৰ লাভ কৰিছে আৰু তৃতীয় বৰ্ষৰ নামভৰ্ত্তি চলি আছে। শংকৰদেৱ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ সভাপতি লেঃজেঃ(অৱসৰী) ৰাণা প্ৰতাপ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বশিষ্ঠ বুজৰবৰুৱা, ক্ষেত্ৰ প্ৰচাৰক RSS কে, এন, ৰঘুনন্দনজী, সংগঠনিক সম্পাদক, বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থান, ড° পৱণ তিৱাৰী, সংগঠন মন্ত্ৰী, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰ, শংকৰদেৱ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ, সম্পাদক প্ৰফেচাৰ সুদেষ্ণা ভট্টাচাৰ্ষই আদৰণি ভাষণ তথা বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে। কোষাধক্ষ্য বিকাশ নাগপুৰীয়াই ২০২৪-২৫ বৰ্ষৰ হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰাৰ লগতে ২০২৫-২৬ বৰ্ষৰ বাজেট পাঠ কৰে। অনুষ্ঠানত ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাধক্ষ্য প্ৰঃ গঙ্গা প্ৰসাগ প্ৰসেন, প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাধক্ষ্য় প্ৰঃ স্মিতি কুমাৰ চিনহা কে ধৰি কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকে।
Trending
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি