শিক্ষানুষ্ঠান সমূহ বন্ধ আছে, কিন্তু এখন বিদ্যালয়ে অভিনৱ পদ্ধতিৰে পাঠদান কৰি আছে, কিন্তু ক’ত

0 269

ক’ৰণা ভাইৰাছৰ আতংকই সমগ্ৰ বিশ্বতে এক বিভিষিকাময় পৰিবেশৰ সৃষ্টি কৰিছে।ভাইৰাছৰ পৰা হাত সাৰিবলৈ সকলো দেশে সৰ্তকামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।অসম চৰকাৰো এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই।সকলো শিক্ষানুষ্ঠান, চিনেমা হল, জিম ২৯ মাৰ্চলৈকে বন্ধৰ ঘোষণা কৰিছে।ইয়াৰ উপৰিও খোদ মুখ্যমন্ত্ৰীয়ে সকলো ৰাজহুৱা অনুষ্ঠানৰ কাৰ্যসূচী বাতিল কৰিছে।
 
 
ইয়াৰ মাজতে দুলীয়াজানৰ এখন বিদ্যালয়ে এক বিশেষ পদ্ধতি অৱলম্বন কৰি শিক্ষানুষ্ঠানৰ পাঠদান কাৰ্য্য অব্যাহত ৰাখিছে ।দুলীয়াজানৰ সাহিত্য ৰথী জাতীয় বিদ্যালয়ে হোৱাটছ এপ গ্ৰুপে কালিৰে পৰা পাঠদান আৰম্ভ কৰিছে।স্কুল পৰিচালনা সমিতি, অধ্যক্ষ, সভাপতি, সম্পাদক, ৰেক্টৰ সিদ্ধান্ত মৰ্মে এই ধৰণৰ শ্ৰেণীৰ ব্যৱস্থা কৰিছে।জানিব পৰা মতে বিদ্যালয়খনৰ প্ৰত্যেক শ্ৰেণীৰ বাবে হোৱাটছ এপ গ্ৰুপৰ ব্যৱস্থা কৰিছে।শিক্ষানুষ্ঠান সমূূহ নোখোলা পৰ্যন্ত এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব।
যি সময়ত ৰাজ্যখনৰ সমগ্ৰ শিক্ষানুষ্ঠান পাঠদান কৰাৰ পৰা বিৰত আছে, সেই সময়ত সাহিত্যৰথী জাতীয় বিদ্যালয়ে গ্ৰহণ কৰা পদক্ষেপ সকলোৰে বাাবে  অনুকৰণীয় হৈ পৰিছে ।
 

Leave A Reply

Your email address will not be published.