কালিৰে পৰা আৰম্ভ হৈছে কেন্দ্রীয় বাজেট অধিবেশন।আজি বিত্ত মন্ত্রী নিৰ্মলা সীতাৰমনে দাখিল কৰিছে ২০২০-২১ বৰ্ষৰ দেশৰ বিত্তীয় বাজেট।বাজেটত শিক্ষা,স্বাস্থ্য,কৃষি আৰু উদ্যোগৰ ক্ষেত্রত বিশেষ গুৰুত্ব আৰোপ কৰিছে।এই বাজেটত আয়কৰ দাতালৈ আছে সুখবৰ।নতুন শ্লেব অনুসৰি বছৰি ৫ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰাসকলে এক শতাংশও আয়কৰ দিব নালাগে।ইয়াৰ লগতে ৫ ৰ পৰা ৭.৫ লাখলৈ ১০ শতাংশ কৰ ধাৰ্য্য কৰা হৈছে।ইয়াৰ পূৰ্বে ৫ লাখ টকা উপাৰ্জনকাৰী সকলে ৫ শতাংশ আৰু ৫ পৰা ৭.৫ লাখলৈ ২০ শতাংশ কৰ দিব লাগিছিল।ইয়াৰোপৰি ১০ ৰ পৰা ১২.৫ লাখলৈ ২০ শতাংশ,১২.৫ ৰ পৰা ১৫ লাখলৈ ২৫ শতাংশ আৰু ১৫ লাখতকৈ অধিক আয়ত ৩০ শতাংশ কৰ দিব লাগিব।দেশৰ শিক্ষাখণ্ডত বিশেষ গুৰুত্ব প্ৰদান কৰি নতুন শৈক্ষিক প্ৰতিষ্ঠান স্থাপন কৰা হ’ব।নতুন শিক্ষানীতিৰ লগতে দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে বৃত্তিৰ ব্যৱস্থা কৰা হ’ব।নতুন বিত্তীয় বৰ্ষত শিক্ষাত ৯৯,৩০০ কোটি টকা ধাৰ্য্য কৰা হৈছে।আজি সদনত দাখিল কৰা বাজেটত দেশৰ পৰ্যটন বিভাগৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ৫ খন প্ৰত্নতাত্বিক স্থানৰ উন্নয়নত গুৰুত্ব দিব চৰকাৰে।ইয়াৰে ভিতৰত অসমৰ শিৱসাগৰ জিলাও অন্তর্ভুক্ত হৈছে।মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটত অনুসূচিত জাতি,অনুসূচিত জনগোষ্ঠী,অন্যান্য পিছপৰা শ্রেণীৰ বাবে বহুকেইটা গুৰুত্বপূর্ণ ঘোষণা আছে।এছ চি আৰু অ বি চি ৰ বাবে বাজেটত ৮৫ হাজাৰ কোটি টকা ধাৰ্য্য কৰাৰ উপৰিও অনুসূচিত জনজাতিৰ বাবে ৫৩,৭০০ কোটি টকা ধাৰ্য্য কৰা হৈছে।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি