শিৱসাগৰত ক’ভিড১৯ গণ সংক্ৰমন ৰোধ কৰাৰ বাবে বৈঠক অনুষ্ঠিত

0 249

সমগ্র দেশৰ লগতে ৰাজ্যত ক’ভিড-১৯ ৰোগে সৃষ্টি কৰা ভয়াবহতাৰ প্ৰতি লক্ষ্য কৰি শিৱসাগৰ জিলাত যাতে গণসংক্ৰমণ বৃদ্ধি নাপায় তাৰ ক্ষেত্ৰত গ্ৰহণ কৰিব লগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত আলোচনা কৰাৰ বাবে কালি শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
 
 
 
 
আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ উপস্থিতিত অনুষ্ঠিত এই সভাত জিলা উপায়ুক্তই ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত পূর্বতকৈ অধিক শক্তিশালী ব্যৱস্থাপনা গঢ়ি তোলাৰ পোষকতা কৰি সংশ্লিষ্ট সকলোকে অধিক সতৰ্ক আৰু কঠোৰ ভাৱে দায়িত্ব নিৰ্বাহ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ জাঁজীত থকা স্ক্ৰিনিং চেণ্টাৰত স্বাৱ পৰীক্ষাৰ ব্যৱস্থা যাতে ত্ৰুটিহীন ৰূপে চলি থাকে এই সন্দৰ্ভত চোকা দৃষ্টি ৰাখিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।
 
 
 
 
প্ৰদীপ কাকতি নামৰ ব্যক্তি এগৰাকী গুৱাহাটীত ক’ভিড পজিটিভ ধৰা পৰাৰ পিছত হোটেল এৰি আগতীয়াকৈ গুচি অহা ঘটনাৰ পৰিপ্ৰেক্ষিতত গণসংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ লক ডাউন ঘোষণা কৰাৰ পিছত যোৱা দুদিনত যিসকল ব্যক্তি গুৱাহাটীৰ পৰা জিলাখনলৈ আহি পাইছে, সেই সকল লোকৰ স্বাৱ সংগ্ৰহ কৰাৰ বিষয়ে সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
 
 
সভাত উপায়ুক্ত গৰাকীয়ে সাম্প্ৰতিক পৰিস্থিতিত জিলাখনৰ গাঁও পৰ্য্যায়ৰ কোৱাৰেন্টাইন ব্যৱস্থাপনা সমিতি সমূহক অধিক কাৰ্যকৰীভাৱে দায়িত্ব পালন কৰিব লাগিব বুলি মতপোষণ কৰে। এই সমিতি সমূহে যাতে অধিক নিষ্ঠা আৰু দায়িত্ব সহকাৰে কাম কৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ তেওঁ খণ্ড উন্নয়ন বিষয়া সকলক নিৰ্দেশ দিয়ে।
 
 
 
ক’ভিড-১৯ -ৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ন্যস্ত দায়িত্ব পালনৰ ক্ষেত্ৰত যদি কোনো গাফিলতি পৰিলক্ষিত হয়, তেনে ক্ষেত্ৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে সদৰি কৰে।
 
 
সভাত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ জনসাধাৰণক ক’ভিড-১৯ সন্দৰ্ভত কোনো তথ্য জনাবলৈ বা জানিবলৈ থাকিলে জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত মনিষা কলিতাক মোবাইল যোগে ৮৭২৩৯৪৮৬১৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়।
 
 
 
আজিৰ সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী; অতিৰিক্ত উপায়ুক্ত দ্বয় বিদিত দাস আৰু মুন গগৈ; নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামী; শিৱসাগৰ, ডিমৌ, আমগুৰি আৰু নাজিৰাৰ চক্ৰ বিষয়াসকল ক্ৰমে মনোৰমা মৰাং, ইণ্ডিকা গগৈ, ঋতুৰাজ বৰদলৈ আৰু কবিতা কাকতি কোঁৱৰ, সহকাৰী আয়ুক্ত সকল ক্ৰমে গৌৰীপ্ৰিয়া দেউৰী, মনালী প্ৰসাদ ৰজক আৰু মনিষা কলিতা, জিলাখনৰ খণ্ড উন্নয়ন বিষয়া সকলৰ লগতে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক স্যমন্ত মাধৱ শৰ্মাও উপস্থিত থাকে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.