শিৱসাগৰ জনজাতি কৃষ্টি সংঘ আৰু নেষ্ট ফাউণ্ডেচনৰ আতিথ্যত আজি সন্মিলিত জনজাতি সাংস্কৃতিক মঞ্চ, অসমৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সমিতিৰ সভাখন মঞ্চৰ সভাপতি তথা বিশিষ্ট শিল্পী, চিন্তাবিদ দেৱেন্দ্ৰনাথ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। অসমৰ ভিন-ভিন প্ৰান্তৰ পৰা অহা মঞ্চৰ বিষয়ববীয়া, সদস্য আৰু উপদেষ্টাৰ উপৰিও কেবাগৰাকীও আমন্ত্ৰিত অতিথি আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে। আজিৰ সভাত সৰ্বসন্মতি ক্ৰমে সংগঠনটিৰ নাম “সন্মিলিত জনজাতি সাংস্কৃতিক মঞ্চ, অসম” ৰ সলনি আজিৰ পৰাই কাৰ্যকৰী হোৱাকৈ সংগঠনৰ নাম “জনজাতি সাংস্কৃতিক মহাসভা” ৰখাৰ বাবে সিদ্ধান্ত লোৱা হয়। কাৰ্যনিৰ্বাহক সমিতিৰ সভাৰ লগতে আজি “পৰস্পৰে পৰস্পৰক জানো আহক” শীৰ্ষক আলোচনা সত্ৰৰ দ্বিতীয় পৰ্ব অনুষ্ঠিত হয়। এই আলোচনা সত্ৰখনি উদ্বোধন কৰি বিশিষ্ট সাংস্কৃতিক কৰ্মী কালিকান্ত বড়োৱে কয়- “এটা জনজাতিয়ে আন আন জনজাতিক জনাৰ বাবে অসম জনজাতি সাংস্কৃতিক মহাসভা”ই লোৱা উদ্যোগৰ উচ্চ প্ৰশংসা কৰে। মিছিং জনজাতিৰ বিশিষ্ট শিল্পী গৱেষক ডক্টৰ পৱিত্ৰ কুমাৰ পেগুৰ সঞ্চালনাত হোৱা এই আলোচনা সত্ৰত অংশগ্ৰহণ কৰি তিৱা লোক কৃষ্টিৰ সাধক গৱেষক নাদিৰাম দেউৰী, কৃষ্ণ কুমাৰ মেছ আৰু মানজেলাই নিজ নিজ জাতিৰ সাংস্কৃতিক জীৱন,তেখেত সকলৰ সমাজৰ সাংস্কৃতিক উৎসৱ,পূজা পাৰ্বণ আদিৰ বিষয়ে মনোগ্ৰাহী বক্তব্য ৰাখে। উল্লেখযোগ্য যে আজিৰ এই সভাত,অসম চৰকাৰে ২০২৩ বৰ্ষৰ বাবে আগবঢ়োৱা দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ”অসম সৌৰভ” বঁটা প্ৰাপক নাদিৰাম দেউৰীক অসম জনজাতি সাংস্কৃতিক মহাসভাৰ ফালৰ পৰা সম্বৰ্ধনা আৰু সন্মান জনোৱা হয়। গাম্ভীয্যপূৰ্ণ এই আলোচনা সত্ৰত গৌৰিভদ্ৰ চিংনেন, ভূৱন চন্দ্ৰ বৰা, শান্তনু মেডক, বসন্ত সোণোৱাল, জীতেন বসুমতাৰী, অৰুণ পাটৰ প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। শেষত শলাগৰ শৰাই আগবঢ়াই খ্ৰীষ্টফাৰ দেউৰী খটিয়াই।অসম সংগীতৰে সভা সামৰণি কৰে ।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ