শিৱসাগৰৰ উপায়ুক্তৰ অধ্যক্ষতাত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন

0 217

শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহলৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপায়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ মেঘ নিধি দাহালে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ পথত দুৰ্ঘটনাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এসপ্তাহৰ ভিতৰত গতিৰোধক (Rumble Strip) -ৰ ব্যবস্থা কৰিবলৈ জিলা লোকনির্মাণ- পথ বিভাগক নিৰ্দেশ দিয়ে।তেওঁ জিলা পৰিবহন বিষয়াক জিলাখনেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ বিপদসংকুল আৰু দুৰ্ঘটনাৰ আশংকা প্ৰৱণ স্থান সমুহ চিহ্নিত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে এন. এইচ. আই. ডি. চি. এল. -ক এই স্থান সমূহত প্ৰয়োজনীয় পথ সুৰক্ষাৰ ফলক, অৱৰোধক, প্ৰতিফলিত ফলক, দিক্ পৰিৱৰ্তনসূচক চিহ্ন ইত্যাদি অহা পাঁচ দিনৰ ভিতৰত নিশ্চিতভাৱে লগাবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে জিলা পৰিবহন বিষয়াক বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ সহযোগত মহাবিদ্যালয় সমূহত ১৮ বছৰ বয়সৰ উৰ্ধৰ ছাত্ৰ-ছাত্ৰী সকলক শিকাৰু চালকৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে বিশেষ শিবিৰ স্থাপন কৰিবলৈ কয়।পৰৱৰ্তী পৰ্যায়ত মহাবিদ্যালয়ৰ এইসকল অনলাইন যোগে পঞ্জীয়নভুক্ত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বাহন চালনৰ ক্ষেত্ৰভিত্তিক পৰীক্ষণৰ বিশেষ ব্যৱস্থা কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে।
উপায়ুক্ত গৰাকীয়ে পথ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে তথা পথ দুৰ্ঘটনা ৰোধৰ স্বাৰ্থত জনসাধাৰণক একোগৰাকী সক্রিয় অংশীদাৰ কৰাৰ উদ্দেশ্যে জিলা পথ সুৰক্ষা সমিতিৰ তৰফৰ পৰা এটি ৱাটছ্ এপ নম্বৰ (৯৪৩৫৪৪৯০০০) মুকলি কৰা হৈছে বুলি অৱগত কৰে। জনসাধাৰণে পথ সুৰক্ষা আইন ভংগ কৰা কোনো ঘটনা প্ৰত্যক্ষ কৰিলে ফটো বা ভিডিঅ’ আৰু বাহনৰ পঞ্জীয়ন নম্বৰ এই ৯৪৩৫৪৪৯০০০ নম্বৰত ৱাটছ্ এপ কৰিব পাৰিব বুলিও তেওঁ কয়।
তেওঁ জিলা পৰিবহন বিষয়াক এই ৱাটছ্ এপ নম্বৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লগতে বিভাগৰ অধীনস্থ পথ সুৰক্ষা মিত্ৰ সকলক এই অভিযানৰ সৈতে জড়িত কৰিবলৈ আহ্বান জনায়। অহা ১ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত সৰ্বাধিক ফটো বা ভিডিঅ’ সহ পথ সুৰক্ষাৰ নিয়ম ভংগৰ তথ্য প্ৰেৰণ কৰা ব্যক্তিক পৰৱৰ্তী জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰা হ’ব বুলি উপায়ুক্ত মহোদয়ে সদৰি কৰে। তেওঁ লগতে কয় যে, প্ৰথম পুৰস্কাৰ হিচাবে ৩,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ২,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ১,০০০ টকা প্ৰদান কৰা হ’ব। আজিৰ বৈঠকত অতিৰিক্ত আৰক্ষী অধীক্ষক আৰিফ আহমেদ, জিলা পৰিবহন বিষয়া সিদ্ধাৰ্থ শইকীয়া, বিদ্যালয় সমূহৰ পৰিদৰ্শক কমল জ্যোতি গগৈ, মুখ্য চিকিৎসা বিষয়া ডাঃ হেমন্ত বৰুৱাৰ লগতে সংশ্লিষ্ট বিভাগ সমূহৰ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.