শিৱসাগৰত অনুষ্ঠিত হৈছে ঐতিহাসিক শিৱৰাত্ৰি মেলা

0 230

ঐতিহাসিক শিৱসাগৰত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শিৱ ৰাত্ৰি মহোৎসৱ অনুষ্ঠিত হৈছে ৷ স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰাণী দৌপদীয়ে কলঞ্চুপৰীয়া গোহাঁই গাঁৱত বৃহৎ পুখুৰী খান্দি তাৰ পাৰত নিৰ্মাণ কৰোৱা শিৱ দলটো উত্তৰ পূৰ্বাঞ্চলত বৃহৎ আৰু ওখ শিৱ দ’ল ৷ বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়াকৈ আয়োজন হৈছে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰী পূজা আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ ৷ দেশৰ ভিতৰত আটাইতকৈ ওখ শিৱদৌল হিচাপে পৰিচিত এই দ’লত বিগত ২৮০ বছৰ ধৰি মহাদেৱৰ পূজা অৰ্চনা কৰি আহিছে ৷
চাৰিদিনীয়া কৈ আয়োজন কৰা চতুৰ্থ
আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ উদ্বোধন কৰি ৰাজ্য পাল গৰাকীয়ে কয় যে পৰ্যটক  সকলে শিৱসাগৰক ভালদৰে জানিলেহে অসমৰ বিষয়ে ভালদৰে জানিব পাৰিব ৷ এই শিৱদৌল দৰ্শন তথা ভক্তি নিবেদনৰ বাবে অসম তথা ভাৰতেই নহয় , বিশ্বৰ বহু প্ৰান্তৰ ভক্ত সোঁত বয় ৷ সোণৰ কলচিযুক্ত শিৱ দ’লে অসমৰ ঐতিহ্য গৌৰৱক বিশ্ব বুকুত জিলিকাই ৰাখিছে ৷
চতুৰ্থ মহাশিৱৰাত্ৰি মহোৎসৱত আজি আৰু শনিবাৰে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ এই কাৰ্য্যসুচীত নেপাল, ভূটান , ৰাজস্থান, পঞ্জাৱ , উত্তৰ পূৱৰ লগতে অসমৰ বৰ্ণিল সাংস্কৃতিক কাৰ্য্যসুচী প্ৰদৰ্শিত হ’ব ৷ শিৱৰাত্ৰিৰ বিখ্যাত মেলাখনত  ৫২০ খন বিপনীয়ে অংশগ্ৰহণ কৰিছে ৷ য’ত উত্তৰাখণ্ড , দাজিলিং , কলকাতা ,ওড়িশা , অসম তথা উত্তৰপূৱৰ বহু বিক্ৰেতাই নিজৰ সামগ্ৰী বিক্ৰীৰ বাবে প্ৰদৰ্শন কৰিব ৷ তাৎপৰ্য্যপূৰ্ণ যে আয়োজক সমিতিয়ে দৌলমুখ চাৰিআলিত মহাদেৱৰ এটি অৱয়বৰ চেলফি জ’ন তৈয়াৰ কৰি ভক্তসকলক আকৰ্ষণৰ চেষ্টা কৰিছে ৷
অন্তিম দিনৰ দিনা ৰাতিলৈ অনুষ্ঠিত হৰি হৰ যুদ্ধ , বাণৰজাৰ পৰাজয়  শীৰ্ষক  ভাওনা অনুষ্ঠিত হ’ব৷ এইবাৰ শিৱ চতুৰ্দশী লগ্ন যথেষ্ট দীঘলীয়া আৰু প্ৰায় চৌব্বিশ ঘণ্টীয়া লগ্নৰ সময়ছোৱাত অগণন ভক্তৰ সমাগম আশা কৰিছে ৷ সেয়হে অত্যাধুনিক আলোক সজ্জাৰে সজাই তোলা হৈছে ৷
সহযোগ কৰিলে শিৱসাগৰপৰা দিল্লিস্তান খানে..

Leave A Reply

Your email address will not be published.