শিৱসাগৰ ক্ৰীড়া সহাৰ উদ্যেগত বৰ্ডিং খেলপথাৰত চলি থকা ছুপাৰ লীগ ফুটবলৰ কালি অন্তপৰে। কালি অনুষ্ঠিত ফাইনেল খেলত দিখৌমুখ বিশ্বজ্যোতি সংঘই ৰাজমাই ফুটবল ক্লাবক ২-১ গ’লত পৰাজিত কৰি লীগ চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। বিশ্বজ্যোতি সংঘই অহা ১৬ ডিচেম্বৰৰ পৰা হ’ব লগা অসম ক্লাব চেম্পিয়নশ্বিপত শিৱসাগৰৰ পৰা অংশগ্ৰহণ কৰাৰ যোগ্যতা অর্জন কৰে।প্ৰথমাৰ্ধৰ ১৪ মিনিটত দেৱজিৎ তাঁতীৰ পেনাল্টিৰ সহায়ত ৰাজমাই দলে বিৰতিলৈ ১- • গ’লত আগবাঢ়ি থাকে। দ্বিতীয়াৰ্ধৰ ৬৮, ৭৪ মিনিটত বিশ্বজ্যোতি সংঘৰ নলিনী পাংগিং আৰু পদ্ম বৰিৰ গ’লেৰে বিজয় সাব্যস্ত কৰে। বিশ্বজ্যোতিৰ ৰাকেশ টায়ে শ্রেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে।মৃণাল চুতীয়াই আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত ক্রীড়া সন্থাৰ বিষয়ববীয়াৰ উপস্থিতিত অসম ফুটবল সহাৰৰ কোষাধ্যক্ষ হীৰেন গগৈ তথা শিৱসাগৰ ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলিয়ে বিজয়ী আৰু বিজিত দলক বঁটা প্ৰদান কৰে। আজিৰ বঁটা বিতৰণী সভাত শিৱসাগৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ ভাগৱতী, সহঃ সাধাৰণ সম্পাদক শৰৎ হাজৰিকাৰ লগতে উপ-সভাপতি, শ্রেষ্ঠ খেলুৱৈক হৰেন দুৱৰাই শ্রেষ্ঠ খেলুৱৈসকলক ট্ৰফী প্ৰদান কৰে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন