শিৱসাগৰ ক্ৰীড়া সহাৰ উদ্যেগত বৰ্ডিং খেলপথাৰত চলি থকা ছুপাৰ লীগ ফুটবলৰ কালি অন্তপৰে। কালি অনুষ্ঠিত ফাইনেল খেলত দিখৌমুখ বিশ্বজ্যোতি সংঘই ৰাজমাই ফুটবল ক্লাবক ২-১ গ’লত পৰাজিত কৰি লীগ চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। বিশ্বজ্যোতি সংঘই অহা ১৬ ডিচেম্বৰৰ পৰা হ’ব লগা অসম ক্লাব চেম্পিয়নশ্বিপত শিৱসাগৰৰ পৰা অংশগ্ৰহণ কৰাৰ যোগ্যতা অর্জন কৰে।প্ৰথমাৰ্ধৰ ১৪ মিনিটত দেৱজিৎ তাঁতীৰ পেনাল্টিৰ সহায়ত ৰাজমাই দলে বিৰতিলৈ ১- • গ’লত আগবাঢ়ি থাকে। দ্বিতীয়াৰ্ধৰ ৬৮, ৭৪ মিনিটত বিশ্বজ্যোতি সংঘৰ নলিনী পাংগিং আৰু পদ্ম বৰিৰ গ’লেৰে বিজয় সাব্যস্ত কৰে। বিশ্বজ্যোতিৰ ৰাকেশ টায়ে শ্রেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে।মৃণাল চুতীয়াই আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত ক্রীড়া সন্থাৰ বিষয়ববীয়াৰ উপস্থিতিত অসম ফুটবল সহাৰৰ কোষাধ্যক্ষ হীৰেন গগৈ তথা শিৱসাগৰ ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলিয়ে বিজয়ী আৰু বিজিত দলক বঁটা প্ৰদান কৰে। আজিৰ বঁটা বিতৰণী সভাত শিৱসাগৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ ভাগৱতী, সহঃ সাধাৰণ সম্পাদক শৰৎ হাজৰিকাৰ লগতে উপ-সভাপতি, শ্রেষ্ঠ খেলুৱৈক হৰেন দুৱৰাই শ্রেষ্ঠ খেলুৱৈসকলক ট্ৰফী প্ৰদান কৰে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি