মনুষ্য জীৱন অতি দুৰ্লভ।কিন্তু বছৰি অধিক লোকে বাইক অথবা আন বাহনত আকস্মিক দুৰ্ঘটনা সংঘটিত হৈ কৰুণ মৃত্যুক সাবতিব লগা হয়। আকস্মিক দুৰ্ঘটনা ৰোধ কৰি কি দৰে মানুহৰ অমূল্য জীৱন ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্য সন্মুখত লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সু দৃঢ় চিন্তাৰে সমগ্ৰ অসমতে বাইক ৰেলীৰে ৰাইজৰ মাজত দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত জনসচেতনা সৃষ্টিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। অসম চৰকাৰৰ পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিগত কেইদিনত তীব্ৰ শীতকো নেওচিও এখন ৰয়েল এনফিল্ড চলাই বাইক ৰেলীৰে কাৰ্যত সমগ্ৰ অসমতে জনসজাগতা সৃষ্টি কৰিবলৈ লোৱা প্ৰচেষ্টাক জনসাধাৰণে ব্যাপক ভাবে সঁহাৰি দিয়া পৰিলক্ষিত হৈছে। উল্লেখ্য যে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে কিছুদিন পূৰ্বে গুৱাহাটীৰ কাষৰীয়া কামৰূপ জিলাৰ আমিনগাঁৱত বিশ্ব স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পথ সুৰক্ষা জন আন্দোলন আৰম্ভ কৰে পৰিবহণ মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই।বিগত দিনসমূহত এই বাইক ৰেলীৰে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজ্যৰ ২৩ খন জিলাৰ ইতিমধ্যে ৭৬ টা সমষ্টিত পৰিভ্ৰমণ কৰি বাহন আৰু পথ ব্যৱহাৰকাৰী আৰক্ষী,পৰিবহণ বিভাগ,জিলা প্ৰশাসনকে ধৰি পথ সূৰক্ষাৰ লগত জৰিত বিভিন্ন বিভাগ- কৰ্তৃপক্ষৰ মাজত সু- সমন্বয় সাধনৰ প্ৰয়াস অব্যাহত ৰাখিছে । প্ৰণিধানযোগ্য যে দুচকীয়া বাহন চলোৱা চালক-আৰোহী উভয়ে হেলমেট পৰিধান কৰা, অান বাহন চলোৱাৰ সময়ত চালকে ,মবাইল ফোন ব্যবহাৰ নকৰা, নিয়ন্ত্ৰিত গতিবেগত বাহন চলোৱা, চিটবেল্ট লগাই লোৱা,সুৰাপান কৰি কোনো ধৰণৰ বাহন নচলাবলৈ জনসাধাৰণক অনুৰোধ জনায় এই মহৎ কাৰ্যসূচী আৰম্ভ কৰা বুলি পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জানিবলৈ দিয়ে।উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমত পোন প্ৰথমবাৰৰ বাবে পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজপথত বাহনৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ নিজে বাইক চলাই অহা বিষয়টো সৰ্বত্ৰে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে।
Trending
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন