শুভ দিনৰ শুভ কথা

0 263

সুখবৰ! পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাবে অনুষ্ঠিত হ’ল শ্বহীদ দিৱস। উল্লেখযোগ্য যে অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদক আজিৰ এই দিনটোতেই বিশেষভাৱে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে শ্বহীদ পৰিয়ালক ৫ লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হয়। স্মৰ্তব্য যে আজিৰ এই বিশেষ দিনটোতেই ১৯৭৯ চনত বৰপেটা জিলাৰ আছুৰ সম্পাদক খৰ্গেশ্বৰ তালুকদাৰক আৰক্ষীয়ে বৰ্বৰ ভাবে নিৰ্যাতন চলাই মৃত্যু মুখত পেলায়। উল্লেখযোগ্য যে তালুকদাৰৰে আছিল অসম আন্দোলনৰ প্ৰথম জন শ্বহীদ । আজি দিনটো বিশেষকৈ অসমৰ ইতিহাসত সোণাৱালী আখৰে লিখা হৈ থাকিব । পোনপ্ৰথমবাৰৰ বাবে আজি শ্বহীদ পৰিয়ালক অসম চৰকাৰে ৫ লাখ টকা এক কালীন সাহাৰ্য অত্যাধুনিক Digital Payment পদ্ধতিয়ে প্ৰদান কৰে।

IMG-20161210-WA0019

ইফালে আজি বিশ্ব মানৱ অধিকাৰ দিৱস (World Human Right Day) ৰ উপলক্ষ্যে সমগ্ৰ দেশতে বিভিন্ন কাৰ্য্যসুচী ৰূপায়িত হয়। স্বেচ্ছাসেৱী অনুষ্ঠান – প্ৰতিষ্ঠান আদিয়ে বিশেষভাবে সাধাৰণ নাগৰিকক সজাগতা সভা, অনুষ্ঠান আদিৰ জৰিয়তে সজাগ, সচেতন কৰি তোলা খবৰ পোৱা গৈছে। আচলতে মানৱ অধিকাৰ বুলিলে জন্মগত,  মৌলিক অধিকাৰ, শিক্ষা, আইন সকলো দিশকে সাঙুৰি লোৱা হয়। এই দিৱস উদযাপনৰ তেতিয়াহে সাৰ্থকতা হ’ব, যেতিয়া সকলো নাগৰিকে সমভাৱে উপভোগ কৰিবলৈ সুবিধা পাব।

IMG-20161210-WA0020

প্ৰিয় পাঠক, ভাল খবৰৰ লগতে ভাল অনুভৱবোৰে আমাক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে নহয়নে?  আহকচোন আমি সদায়ে nefocus.com সহযাত্ৰী হৈ থাকো আৰু বিচাৰি লও ভাল খবৰৰ লগত ভাল ভাল অনুভৱৰ সফুঁৰা।

Leave A Reply

Your email address will not be published.