শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ক`ভিড পৰিস্থিতি পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

0 211

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ সাম্প্ৰতিক ক’ভিড-১৯ পৰিস্থিতিৰ বিতং পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে জিলা দুখনৰ ক’ভিড-১৯ ৰোগীৰ চিকিৎসাৰ আন্তঃগাঁথনিত
সা-সুবিধা, পৰীক্ষণ, অক্সিজেনৰ পৰ্যাপ্ততা, টিকাকৰণৰ পদক্ষেপ ইত্যাদিৰ সবিশেষ বুজ লয়।বৈঠকত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ উপায়ুক্ত দুগৰাকীয়ে মুখ্যমন্ত্ৰীক জিলা দুখনত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰা তথা টিকাকৰণৰ কাৰ্যসূচীৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে।
মুখ্যমন্ত্ৰীসোণোৱালে জিলা প্ৰশাসন তথা স্বাস্থ্য বিষয়াসকলক লক্ষ্য নিৰ্ধাৰিত হিতাধিকাৰীসকলৰ টিকাকৰণৰ প্রক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে জনসাধাৰণক ক’ভিড-১৯ ৰ প্রটোকল সৰ্বাত্মকভাৱে পালনৰ দিশত ব্যাপক সজাগতা সৃষ্টিৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে চাহ বাগিচা অঞ্চলত এই বিষয়ে উপযুক্ত সচেতনতা সৃষ্টিৰ বাবে অনুভাষ যন্ত্ৰক জৰিয়তে ব্যাপক প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।
বৈঠকত মুখ্যমন্ত্ৰীয়ে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত থকা অক্সিজেন প্লেণ্টৰ উৎপাদন তথা মজুতকৰণৰ বিষয়ে বুজ লোৱাৰ উপৰি প্রয়োজনীয় আন্তগাঁথনি নিশ্চিত কৰাৰ বাবেও নিৰ্দেশ দিয়ে।তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষকগৰাকীয়ে লিকুইড অক্সিজেন, অক্সিজেন কনচেনট্ৰেটৰ ইত্যাদিৰ সবিশেষ মুখ্যমন্ত্ৰীক অৱগত কৰে।
স্বাস্থ্য বিভাগে জাৰি কৰা ক’ভিড প্রটোকল আখৰে আখৰে পালন কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শৰ ভিত্তিত ৰাজ্য চৰকাৰে ক’ভিডৰ সংক্ৰমণ প্রতিহত কৰাৰ বাবে পঞ্চসূত্ৰ, যেনে টেষ্টিং, টেৰ্চিং, ট্ৰিটমেন্ট, ক’ভিড এপ্ৰপিয়েট বিহেভিয়াৰ
আৰু ভেকচিনেশ্যনৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছে। মুখ্যমন্ত্ৰীয়ে ক’ভিড সংক্ৰমণ ৰোধৰ বাবে মাইক্ৰ কন্টেইনমেন্ট জ’ন সৃষ্টি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ক’ভিডৰ প্রথম জোৱাৰত আহৰণ কৰা অভিজ্ঞতাই ক’ভিড-১৯ ৰ দ্বিতীয় জোৱাৰ মোকাবিলা কৰাৰ
দিশত বিশেষভাৱে সহায়ক হ’ব। কাৰণ ইয়াৰ জৰিয়তে স্বাস্থ্য সেৱাৰ দিশত উপযুক্ত মানৱ সম্পদ তথা প্রয়োজনীয় স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী হৈ উঠিছে। মুখ্যমন্ত্ৰীয়ে ক’ভিড প্রতিৰোধৰ লগতে অর্থনৈতিক কামকাজো যাতে বাধাপ্রাপ্ত নোহোৱাকৈ চলাই যাব পৰা যায়,এই ক্ষেত্ৰত সচেষ্ট হোৱাৰ
বাবেও আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে গৰিৱ কল্যাণ আঁচনিৰ জৰিয়তে দুখীয়া লোকে লাভ কৰিবলগীয়া খাদ্য শস্য যাতে কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ বিতৰণ কৰাটো নিশ্চিত কৰিব পৰা যায় তাাৰ বাবে উপযুক্ত পদক্ষেপ লোৱাৰ বাবেও জিলা প্ৰশাসনক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীয়ে
জিলা দুখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিশ্চিত কৰাৰ বাবে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগক নিৰ্দেশ দিয়ে। এই সময়ত কোনো অসাধু ব্যৱসায়ীয়ে যাতে কৃত্ৰিমনাটনিৰ সৃষ্টি কৰি মূল্যবৃদ্ধি কৰিব নোৱাৰে সেই দিশত নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ পদক্ষেপ ল’বলৈ জিলা দুখনৰ উপায়ুক্ত দুগৰাকীক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই‌ প্রত্যাহানৰ সময়ত সকলো চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে দায়বদ্ধতাৰে কৰ্মত অগ্ৰসৰ হ’ব লাগিব। মুখ্যমন্ত্ৰীয়ে আৰক্ষীক ৰাজহুৱা স্থানত মাস্ক নিপিন্ধা ব্যক্তিসকলৰ বিৰুদ্ধে উপযুক্ত জৰিমনা আদায়ৰ পদক্ষেপ ক্ষিপ্ৰ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে
বিদ্যালয়সমূহৰ পৰিদৰ্শকক ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলৰ সৈতে যোগাযোগ স্থাপন কৰি এই জটিল সন্ধিক্ষণত ছাত্ৰ-ছাত্ৰীসকলে যাতে ইতিবাচকভাৱে নিজৰ অধ্যয়নত অগ্ৰসৰ হৈ যাব পাৰে সেই দিশত অনুপ্ৰাণিত কৰাৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।
জনসাধাৰণৰ মাজত উপযুক্ত জনসচেতনতা সৃষ্টিৰ দিশত স্বেচ্ছাসেৱী সংস্থা, সমাজৰ অগ্ৰণী ব্যক্তি ইত্যাদিক জড়িত কৰোৱাৰ ব্যৱস্থা ল’বলৈ জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। বাহিৰৰ পৰা জিলালৈ অহা ট্ৰাক ড্ৰাইভাৰসকলৰ ক’ভিড পৰীক্ষা পৰ্যাপ্ত কৰাৰ বাবে জিলা উপায়ুক্ত আৰু বিভাগৰ যুটীয়া সঞ্চালকসকলক নিৰ্দেশ দিয়ে।
বৈঠকত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ উপায়ুক্তদ্বয়ৰ লগতে সাংসদ পল্লৱ লোচন দাস,শোণিতপুৰ আৰু বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক,শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক,ভাৰতীয়
সেনাৰ জি অ’চি ফৰ কৰ্পছৰ প্রতিনিধিৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.