অবিভক্ত অসমৰ এসময়ৰ সাহিত্য সংস্কৃতিৰ চৰ্চাৰ কেন্দ্ৰবিন্দু শ্বিলঙৰ বিষ্ণুপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই জন্মলগ্নৰে পৰা শ্বিলং চহৰকে কাষৰীয়া অঞ্চলত মহাপুৰুষ দুজনাৰ আদৰ্শ -কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে।আনকি শ্বিলঙত থকা অসমীয়া লোক আৰু মহাপুৰুষ দুজনাৰ অনুগামী লোক সকলক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই।আনহাতে কৃষ্টি কেন্দ্ৰই বিগত বছৰৰ দৰে এইবেলিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পূণ্য তিৰোভাব তিথি,আবিৰ্ভাৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰিছে।কৃষ্টি কেন্দ্ৰৰ সভাপতি মীনাৰাম বৰা,সাধাৰণ সম্পাদক শোনিত কুমাৰ ফুকন আৰু সহকাৰী সম্পাদক ডঃ পৰাগ নাথে জানিবলৈ দিয়া মতে অহা ৪ ছেপ্তেম্বৰত দিনযোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাব তিথি উদযাপন কৰা হ’ব। সিদিনা পুৱা ১০.৩০ বজাত সমূহীয়া নাম প্ৰসংগৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। তাৰ পাছত বিয়লি ২ বজাৰ পৰা আই সকলৰ নাম অনুষ্ঠিত হ’ব।তেনেদৰে অহা ৬ ছেপ্টেম্বৰত দিনযোৰা কাৰ্যসূচীৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হব।১৬ ছেপ্টেম্বৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাব তিথি উদযাপন কৰা হ’ব। সিদিনা পুৱা ৫ বজাত প্ৰভাত ফেৰীৰে কাৰ্যসূচীৰ শুভাৰম্ভ হোৱাৰ পাছত ৭.৩০ বজাত খোল প্ৰসংগ, দিনৰ ১০ বজাত সমূহীয়া নাম , বিয়লি ২ বজাৰ পৰা আই সকলৰ নাম অনুষ্ঠিত হব । সন্ধিয়া ৬.৩০ বজাৰ পৰা ভাওনা অনুষ্ঠিত হ’ব । আনহাতে শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি ১০ ছেপ্টেম্বৰত কেন্দ্ৰৰ নামঘৰত এখন ধৰ্মালোচনী সভা অাৰু ১৫ ছেপ্টেম্বৰত দেৱ কুমাৰ দাস স্মৃতি ভৱনত সন্ধিয়া ৬ বজাৰ পৰা এখন কৃষ্টি সভা অনুষ্ঠিত হব। অহা ২৪ ছেপ্টেম্বৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱ অনুষ্ঠিত হ’ব । ইতিমধ্যে মহাপুৰুষ দুজনাৰ তিথি উপলক্ষে ১৩ আগষ্টত দিহানাম আৰু বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । তেনেদৰে ২০ আগষ্টত ৰচনা আৰু চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আনহাতে কাৰ্যসূচী সমূহ সুচাৰুভাৱে সম্পন্ন কৰিবলৈ যুগল শৰ্মাক সভাপতি আৰু টিকেন্দ্ৰজিৎ তালুকদাৰক সম্পাদক হিচাপে লৈ এখন সাংস্কৃতিক শাখা সমিতি গঠন কৰা হৈছে । ইয়াৰ উপৰি মহেশ খাটনিয়াৰক সভাপতি , বাবুলাল হাজৰিকাক সম্পাদক আৰু বিজয় ৰাজবংশীক সহকাৰী সম্পাদক হিচাপে লৈ নামঘৰ শাখা সমিতি এখন গঠন কৰা হৈছে । উদ্যোক্তা সকলে আটাইকেইদিনৰ কাৰ্যসূচীতে শ্বিলংবাসী অসমীয়া সমাজ আৰু শুভাকাংক্ষী ৰাইজৰ সহায় – সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।উল্লেখযোগ্য যে শ্বিলঙৰ ধানখেতিস্থিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ নামঘৰ আৰু লাবানস্থিত লাবান অসমীয়া নামঘৰতো ভাদ মাহৰ পহিলা দিনটোৰ পৰা চলি আছে এমহীয়া ভাদ মহীয়া নাম।অৰ্থাৎ প্ৰায় চাৰি কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত তিনিটাকৈ নামঘৰ চৌহদ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ থকা দৃশ্যই তাত থকা অসমীয়া লোকসকলক বাৰুকৈয়ে উৎসাহিত আৰু গৰ্বিত কৰি আহিছে বুলি ডঃ পৰাগ নাথ ,বৰ্ণালী হাজৰিকা, মুনমালা শৰ্মা ,সঞ্জিমা চলিহা ওজা, দ্বিজেন মহন্ত , মনেশ্বৰ কলিতা , হৰেন তালুকদাৰকে ধৰি শ্বিলং নিবাসী একাংশ অসমীয়া লোকে জানিবলৈ দিছে । ইয়াৰ ভিতৰত বিষ্ণুপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ চৌহদত আই সকলৰ মাজৰ বয়োজেষ্ঠা গীতা ফুকনে মূল আসন, নিৰু শইকীয়া অাৰু পুষ্পা বুঢ়াগোঁহায়ে দোহাৰত বহি সুচাৰুৰূপে নামভাগ পৰিচালনা কৰি আহিছে। উল্লেযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ পৰিচালনা সমিতিৰ আমন্ত্ৰণ ক্ৰমে – অসমৰ পশ্চিম গুৱাহাটীৰ খানামুখৰ প্ৰখ্যাত মহিলা নামতি দল হিচাপে পৰিচিত জ্ঞানমালিনী বিকশিত মহিলা দলে ২০১৮ আৰু ২০২২ চনত তাত গৈ নাম পৰিবেশন কৰি শ্বিলংবাসী অসমীয়া সমাজক আপ্লুত কৰিবলৈ সক্ষম হৈছিল।
Trending
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি