শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মভূমি পাটবাউসী থান পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

0 255

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৰ্মভূমি পাটবাউসী শ্ৰীমন্ত শংকৰদেৱ থান পৰিদৰ্শন কৰি সেৱা আগবঢ়ায়।মুখ্যমন্ত্ৰীয়ে লগতে থান খনত সংৰক্ষিত হৈ থকা গুৰুজনাৰ স্মৃতি বিজড়িত সম্পদৰাজি প্ৰত্যক্ষ কৰে।থান খন পৰিদৰ্শন সময়ত মুখ্যমন্ত্ৰীয়ে সত্ৰাধিকাৰ, সত্ৰ পৰিচালনা সমিতি বিষয়ববীয়া তথা ভকতবৃন্দৰ সৈতে মত বিনিময় কৰি থান খনৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বিষয়ে আলোচনা কৰে।থান পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে থান খনৰ মুখ্য পাঠক কমলাকান্ত দাস জটিল ৰোগত আক্ৰান্ত হৈ থকা বুলি অৱগত হোৱাত তেখেতৰ উন্নত চিকিৎসাত সহায় হোৱাকৈ মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ পৰা ১ লাখ অনুদান এখন চেক প্ৰদান কৰে।
ইয়াৰ পিছতে থান চৌহদত উপস্থিত থকা সাংবাদিক সকলৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত জন্মগ্ৰহণ কৰিছিল আৰু মধুপুৰ সত্ৰত গুৰুজনাৰ মহাপ্ৰয়াণ হৈছিল।কিন্ত এই পাটবাউসীতে ১৮ বছৰ ৬ মাহ কাল থাকি জীৱনৰ উৎকৃষ্টতম সৃষ্টিৰাজি অসমৰ জনগণ আৰু নতুন প্ৰজন্মৰ বাবে এৰি থৈ গৈছে।গুৰুজনাৰ জন্ম স্থান বৰদোৱাত ইতিমধ্যে চৰকাৰে এক বৃহৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিছে।আজি পাটবাউসীলৈ আহি এই থান খনৰ বিষয়ে প্ৰাৰম্ভিকভাৱে বুজ লোৱাৰ কথা উল্লেখ কৰি পাটবাউসী দুয়োখন সত্ৰৰ সংৰক্ষণ আৰু সংবৰ্ধন উদ্দেশ্য ৰাজ্য চৰকাৰে এটা বৃহৎ প্ৰকল্প হাতত ল’ব বুলি তেওঁ জানিবলৈ দিয়ে।পৰৱৰ্তী সময়ত কেবিনেট বৈঠকত এই সম্পৰ্কে সিদ্ধান্ত লোৱা হ’ব বুলিও ব্যক্ত কৰে।
আজিৰ এই থান পৰিদৰ্শন সময়ত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, নাৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন অধিকাৰী,কুমাৰকুছি সত্ৰৰ সত্ৰাধিকাৰ ৰত্নকান্ত অধিকাৰী প্ৰমুখ্যে গণ্য মান্য ব্যক্তি সকল উপস্থিত আছিল।ইয়াৰ পিছতে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱ স্থাপিত আদিধাম শ্ৰীশ্ৰী পাটবাউসী সত্ৰ পৰিদৰ্শন কৰি সত্ৰখনত সেৱা জনায়।পৰিদৰ্শন সময়ত মুখ্যমন্ত্ৰীয়ে সত্ৰ খনত সংৰক্ষিত হৈ থকা সাঁচিপতীয়া পুথিকে ধৰি আপুৰুগীয়া সম্পদৰাজি প্ৰত্যক্ষ কৰে।সত্ৰ প্ৰাঙ্গনত মুখ্যমন্ত্ৰীক সত্ৰ খনৰ সত্ৰাধিকাৰকে ধৰি সত্ৰ পৰিচালনা সমিতি বিষয়ববীয়া সকলে উষ্ম আদৰণি জনোৱা লগতে সম্বৰ্ধনা জ্ঞাপন কৰে তদুপৰি মুখ্যমন্ত্ৰী শৰ্মাক সত্ৰ খনৰ তৰফৰ পৰা জনশিৰোমণি উপাধিৰে বিভূষিত কৰি এখনি উপাধিপত্ৰ আনুষ্ঠানিক ভাৱে প্ৰদান কৰে।সত্ৰখনত উপস্থিত থকা ভকত বৈষ্ণৱক উদ্দেশ্যি প্ৰদান কৰা বক্তব্যত কয় যে অসমৰ ঐতিহাসিক সত্ৰীয়া সংস্কৃতি নৱ প্ৰজন্মৰ বাবে ৰক্ষা কৰাটো বৰ্তমান চৰকাৰৰ অন্যতম মূল লক্ষ্য।লগতে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ,শ্ৰীশ্ৰী দামোদৰদেৱ,ভট্ৰদেৱৰ কৰ্মভূমি পাটবাউসীক সংৰক্ষণ আৰু সংবৰ্ধন বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।আজিৰ এই পৰিদৰ্শন কালতে মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনক সত্ৰ খনৰ মাটিৰ বিৱৰণ তথা দাখিলৰ বাবেও নিৰ্দেশ দিয়ে।সত্ৰখন পৰিদৰ্শন সময়ত মুখ্যমন্ত্ৰী সৈতে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, শ্ৰীশ্ৰী পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ ভাস্কৰজ্যোতি গোস্বামীকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.