শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন উদ্বোধনী অনুষ্ঠানত অংশ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

0 168

অসমৰ কলা-সংস্কৃতি আজি ধাৰাবাহিক আৰু পৰিকল্পিত আক্ৰমণৰ সন্মুখীন হৈছে।পাঁচ হাজাৰ বছৰীয়া সনাতন সংস্কৃতিৰ গৰ্ভত সৃষ্ট আৰু পুৰাতন জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ দ্বাৰা লালিত পালিত হৈ সংৰক্ষিত হোৱা বৃহত্তৰ অসমীয়া সংস্কৃতিৰ বৰগছ জোপাত আজি অশুভ সংস্কৃতিৰ পৰিলক্ষিত আক্ৰমণ আদি দেখিবলৈ পাইছোঁ।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পৰিবৰ্ধিত কৰি থৈ যোৱা অসমীয়া সংস্কৃতিৰ লাইখুঁটা সত্ৰ সমূহ বিদেশী সংস্কৃতিৰ স্বাৰ্থন্বেষী একাংশ লোকৰ নিৰবচ্ছিন আক্ৰমণৰ বলি হৈছে।অসমীয়া বাপতি সাহোন বিহুকো আজি সেই বিশেষ চক্ৰটোৱে বিকৃত ৰূপত উপস্থাপন কৰি সংস্কৃতিক আক্ৰমণ অব্যাহত ৰাখিছে।এই দিশত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ এক গধুৰ দায়িত্ব আছে।অসমৰ জাতি জনগোষ্ঠীৰ মাজত থকা বৈচিত্ৰময় কলা কৃষ্টিৰ প্ৰকৃত বাস্তৱ ৰূপ দাঙি ধৰি কলাক্ষেত্ৰ সমাজে সমগ্ৰ অসমবাসীৰ জনগণৰ মাজত সংস্কৃতিৰ প্ৰসাৰৰ কামত নিজকে নিয়োজিত কৰক।আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন উদ্বোধনী অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ প্ৰতি এই আহ্বান জনায়।মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বৰ বহু প্ৰাচীন সংস্কৃতিৰ আন বহি:সংস্কৃতিৰ আক্ৰমণত নিশ্চিহ্ন হৈ যোৱা উদাহৰণ আছে।ইউৰোপীয় ঔপনিবেশিক প্ৰতিষ্ঠা হোৱাৰ বহু পূৰ্বে কেৰিবিয়ান দ্বীপপুঞ্জ, আমেৰিকা, আফ্ৰিকা,অষ্ট্ৰেলিয়া আদি দেশ তথা মহাদেশ সমূহত স্থানীয় বিশ্বাস সংস্কৃতি আৰু ধৰ্মই বিৰাজ কৰিছিল।আজি সেই সংস্কৃতিৰ সমূহ বিস্মৃতিৰ অটল গ্ৰহৰত লীন হৈ গল।ইউৰোপীয় সংস্কৃতিৰ সেই থলুৱা সংস্কৃতিৰ সমূহক সম্পূৰ্ন ৰূপে গ্ৰাস কৰি নিজক সংস্কৃতি প্ৰতিষ্ঠা কৰিছে।যি ঔপনিবেশিক শক্তিসমূহে এই মহাদেশ সমূহৰ মহৎ ধৰ্ম আৰু সংস্কৃতিৰ বিশ্বাস সমূহ সম্পূৰ্নৰূপে বিনাশ কৰিলে বা সেইবোৰক সংখ্যালঘুত পৰিণত কৰিলে।সেই একেই ঔপনিবেশিক শক্তিসমূহ কিন্ত ভাৰতৰ স্থানীয় অধিবাসীসকলৰ প্ৰাচীন বিশ্বাস আৰু পৰম্পৰা সমূহ ধংশ কৰাত সফল নহ’ল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতীয় সনাতন সভ্যতাত নিহিত শক্তিৰ বাবেই এই সভ্যতা ইউৰোপীয় শক্তিৰ সন্মুখত অপৰাজেয় হৈ থাকি গ’ল।সংস্কৃতিৰ এক গতিশীল সমাজ জীৱনৰ আধাৰ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে সংস্কৃতিয়ে একোটা জাতিৰ স্বকীয় পৰিচয় গঢ় দিয়ে।সেয়েহে প্ৰতিগৰাকী ব্যক্তি নিজৰ সৈতে সুপৰিচিত হোৱাটো জৰুৰী।কোনো এটা অঞ্চলৰ সাংস্কৃতিক উপাদান সমূহৰ অধ্যয়নে অঞ্চলটোৰ পৰম্পৰাগত জ্ঞান,চিন্তাধাৰা আৰু মূল্যবোধৰ সম্পৰ্কে স্পষ্ট আভাষ দিয়ে।নৃগোষ্ঠীয় জনজাতীয় পৰম্পৰাগত ৰীতি নীতি আৰু অন্যান্য সম্প্ৰসাৰণ মাজতেই অসমৰ বিচিত্ৰতা আৰু স্পন্দনশীলতা নিহিত হৈ আছে বুলি উল্লেখ কৰে।জনজাতীয় লোকসকলৰ থলুৱা বিশ্বাস আৰু সংস্কৃতিৰ গভীৰ অধ্যয়নৰ আৰু গৱেষণাৰ জৰিয়তে ইয়াৰ সংৰক্ষণ দিশত শক্তিশালী পদক্ষেপ ল’বলৈ ৰাজ্য চৰকাৰে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ গঠন কৰিছে।

অসমৰ স্বকীয় কলা-সংস্কৃতিৰ সুৰক্ষা আৰু প্ৰচাৰ তথা প্ৰসাৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰক দায়িত্বৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বিভিন্ন জনগোষ্ঠীৰ লোক সংস্কৃতিৰ লোক -নৃত্য,লোক-বাদ্য, সামাজিক পৰম্পৰা আৰু ৰীতি-নীতিৰ আৰ্হিৰে জনমানসত প্ৰভাৱ বিস্তাৰ কৰিব পৰা ধৰণৰ কাৰ্যসূচী বেছিকৈ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।লগতে কয় যে বিশ্ব বাসীৰ সন্মুখত অসমৰ অন্যতম গৌৰৱৰ স্থলী হিচাপে কলাক্ষেত্ৰক লালন পালন কৰাৰ এটা মন লৈ ইয়াৰ সৈতে জড়িত সকলে পক্ষই আত্মনিয়োগ কৰিবলৈ সক্ষম হ’ব লাগিব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠাৰ পৰা উত্তৰণৰ দীঘলীয়া যাত্ৰা আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বহু জনৰ ত্যাগ ,কষ্ট ,পৰিশ্ৰম আৰু পৰিকল্পনা ফলত ফচল হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ।অসম চুক্তিৰ ছয় নং দফা আলমত পৰৱৰ্তী সময়ত এই কলাক্ষেত্ৰ গঢ় লৈ উঠিছিল বুলি উল্লেখ কৰি শৰ্মাই অসম আন্দোলনৰ অসম শ্বহীদ সকলৰ লগতে এই প্ৰকল্পৰ বিষয়ে প্ৰথমে প্ৰস্তাৱ আগবঢ়োৱা বিশিষ্ট সাহিত্যিক, চলচ্চিত্ৰ নিৰ্মাতা ড° ভবেন্দ্ৰ নাথ শইকীয়া প্ৰমুখ্যে যিসকল ব্যক্তিক আশাসুধীয়া প্ৰচেষ্টাত কলাক্ষেত্ৰই আজিৰ ৰূপ লাভ কৰিছে।তেখেত সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।তেওঁ কয় যে বিগত বছৰবোৰত ৰাজ্য বাৰেৰহনীয়া কলা-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই বহু উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।সময়ে সময়ে বিভিন্ন জনগোষ্ঠীৰ সমাৰোহ আয়োজনেৰে অঞ্চলটো কৃষ্টি সংস্কৃতিৰ সৈতে স্থানীয় জনসাধাৰণৰ লগতে দেশী বিদেশী পৰ্যটক সকলক পৰিচিত কৰাত কলাক্ষেত্ৰই প্ৰশংসনীয় ভূমিকা লবলৈ সক্ষম হৈছে বুলিও কয়।অনুষ্ঠানত অসম চৰকাৰৰ কৃষি তথা অসম চুক্তিৰ ৰূপায়ন বিভাগৰ মন্ত্ৰী অতুল বৰা,সাংস্কৃতিক মন্ত্ৰী বিমল বৰা,শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ সভাপতি জিতুল সোণোৱাল,শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ,সাংস্কৃতিক বিভাগৰ সচিব লায়া মাদ্দুৰী,জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্র নাথ চক্ৰৱৰ্তী, সংগীত নাটক একাডেমী বঁটা প্ৰাপক যশস্বী নৃত্যশিল্পী যতীন গোস্বামী আৰু বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰী প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.