শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অষ্টাদশ বাৰ্ষিক কেন্দ্ৰীয় বহাগী উৎসৱ

0 304

উত্তৰ পূৱ ভাৰতৰ ধৰ্ম-সাহিত্য-সংস্কৃতিৰ সু-বৃহৎ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ উদ্যোগত তেজপুৰ জিলা শাখাৰ ব্যৱস্থাপনাত জামুগুৰিহাটত আৰু মাত্ৰ দুটা দিনৰ পিছতেই অনুষ্ঠিত হ’ব অষ্টাদশ বাৰ্ষিক ৰাজ্যিক অৰ্থাৎ কেন্দ্ৰীয় বহাগী উৎসৱ৷অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া এই কেন্দ্ৰীয় বহাগী উৎসৱৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত চলা পৰিলক্ষিত হৈছে৷ৰাজ্যৰ লগতে দেশ বিদেশতো সৰ্বমুঠ ৫৪ খন জিলাৰে পৰিৱেষ্টিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই কেন্দ্ৰীয় বহাগী উৎসৱটিত ৰাজ্যৰ জিলাসমুহৰপৰা অহা প্ৰায় কুৰিৰো অধিক বিহু আৰু হুচৰি দলে অংশগ্ৰহণ কৰিব৷যাৰ বাবে আদৰণি সমিতিৰ উপৰিও সেৱা বাহিনীৰ যুৱক যুৱতীসকলো সাজু হৈ পৰাৰ লগতে শোণিতপুৰ জিলাৰ ২ শতাধিক সেৱা বাহিনীৰ যুৱক যুৱতী কেবাটাও ভাগত বিভক্ত হৈ নিজ নিজ দায়িত্ব পালন কৰা পৰিলক্ষিত হৈছে৷জামুগুৰি বহাগী মেলা বাকৰিত অনুষ্ঠিত হ’বলগীয়া স্থানক ইতিমধ্যে শোণিতকোঁৱৰ গজেন বৰুৱা ক্ষেত্ৰ নামাকৰণৰে নামাকৰণ কৰি কেন্দ্ৰীয় ব’হাগী উৎসৱটিক লৈ পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে আদৰণি সমিতিৰ লগতে সেৱা বাহিনীয়ে৷কেন্দ্ৰীয় বহাগী উৎসৱটিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ,সা:সম্পাদককে ধৰি কেন্দ্ৰীয় সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়াও উপস্থিত থাকিব৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.