ৰঙালী বিহুলৈ এপষেক বাকী থকা অৱস্থাত ঢোলৰ চেও, পেঁপাৰ বুলনিত ৰজনজনাই উঠিছে নাৰায়পুৰস্থিত মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰাংগন । বিহু নাম, বিহু নাচ, ঢোলবাদন, পেঁপাবাদন আদি বিভিন্ন শিতান সামৰি আজিৰপৰা শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰত আৰম্ভ হৈছে উত্তৰ অসমৰ সৰ্ববৃহৎ বিহু কৰ্মশালা। শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত ৬ বছৰৰ পৰা ৪০ বছৰ বয়সৰ প্ৰায় ১০০০ প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই কৰ্মশালা অহা ৫ এপ্ৰিলত অন্ত পৰিব । আজি বিয়লি বিপুল সংখ্যক লোকৰ উপস্থিতিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অৰূপজ্যোতি চৌধুৰীয়ে বন্তি প্ৰজ্বলনেৰে এই কৰ্মশালাৰ শুভ উদ্বোধন কৰে । লখিমপুৰ জিলাৰ উপৰি বৰনাৰায়ণপুৰৰ দাঁতি-কাষৰীয়া বিশ্বনাথ, মাজুলী, ধেমাজি আদি আটাইকেইখন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰপৰাও প্ৰশিক্ষাৰ্থীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। আজি আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, কৰ্মশালাৰ মুখ্য প্ৰশিক্ষকদ্বয় ৰঞ্জিত গগৈ, ডঃ গায়ত্ৰী মহন্ত, আটাইকেইগৰাকী প্ৰশিক্ষক, সহ: প্ৰশিক্ষকৰ লগতে বৰনাৰায়ণপুৰৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে আজিৰ উদ্বোধনী অনুষ্ঠানত বৰনাৰায়ণপুৰৰ প্ৰায় কুৰিগৰাকী বিহুৰ সাধকক সম্বৰ্ধনা জনোৱা হয়।
Trending
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ