সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ সম্পন্ন

0 225

অলপতে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী গীতানগৰৰ কন্যা মহাবিদ্যালয়ত প্ৰায় ১২০ গৰাকী ছাত্ৰীৰ সত্ৰীয়া নৃত্যৰ এলানি শিবিৰ প্ৰশিক্ষণ অনুষ্ঠিত হয় । এই প্ৰশিক্ষণ শিবিৰ শুভাৰম্ভ কৰে উত্তৰ অসম প্ৰান্তৰ অধ্যক্ষা মঞ্জু বৰাই। তেখেতৰ লগত সহযোগিতা আগবঢ়ায় উত্তৰ অসম প্ৰান্তৰ সাধাৰণ সম্পাদক পুলকেশ বৰুৱা,কামৰূপ মহানগৰৰ সভানেত্ৰী ৰুমী ভূঞা , কামৰূপ মহানগৰৰ কাৰ্য্যকৰী সভাপতি ড:অসীম বৰা,সাধাৰণ সম্পাদক ড:বেদব্ৰত শইকীয়াৰ লগতে কন্যা মহাবিদ্যালয়ৰ বিভাগীয় মুৰব্বী প্ৰবক্তা গুপ্তজিৎ পাঠকে ।সংস্কাৰ ভাৰতীৰ সম্পৰ্কত মঞ্জু বৰাই বক্তব্য আগবঢ়ায়।তেখেতৰ লগত সহযোগিতা কৰে ওজা ভাস্কৰজ্যোতি,কৃষ্ণকান্ত দাস ,সঞ্জীৱ ভকতে। কন্যা মহাবিদ্যালয়ৰ সকলো কলেজ শিক্ষক,শিক্ষয়িত্ৰীয়ে অনুষ্ঠানটিত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়।
দ্বিতীয় দিনাৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকি বন্তি প্ৰজ্বলন কৰে কন্যা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা মঞ্জু বৰা। তেখেতৰ লগত সহযোগিতা আগবঢ়াই উত্তৰ অসম প্ৰান্তৰ কাৰ্য্যকৰী সভাপতি ডাঃ আলেখ্য বৰুৱাই। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কৰ্মশালখন সফলতাৰে সম্পন্ন হয়।

Leave A Reply

Your email address will not be published.