দীর্ঘদিন ধৰি অব্যাহত থকা অনাবৃষ্টিৰ পিছত ফাগুনৰ শেষত হোৱা বৰষুণে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ বৰো ধানৰ খেতিয়কৰ মুখত হাঁহি বিৰিঙাইছে। একেৰাহে বহু মাহ ধৰি বৰষুণ নোহোৱাৰ ফলত পানীৰ অভাৱত বৰো ধানৰ পথাৰত ছিঁৰাল ফাঁট মেলিছে। বৰো ধান খেতিত ব্যস্ত আজাৰা ৰাজহ চক্ৰৰ বিভিন্ন ঠাইৰ চহা কৃষক সকল চিন্তিত হৈ পৰিছিল। এই সন্দৰ্ভত বৰো ধানৰ খেতি কৰি অহা দীপৰ বিলৰ সমীপৰ দেউচতালৰ উদীয়মান কৃষক তথা বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি বলেশ্বৰ ৰংপী, পাটগাঁৱৰ ৰাজেশ বড়োকে ধৰি একাংশ কৃষকে জানিবলৈ দিয়া মতে দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাত ধাননি পথাৰত দেখা দিয়া পানীৰ অভাৱে কৃষকসকলক চিন্তিত কৰি পেলাইছিল। কৃষকে পথাৰত কপালৰ ঘাম মাটিত পেলাই ৰোপণ কৰা বৰো ধানত পানীৰ অভাৱ হোৱাত খেতি পথাৰত ফাঁট মেলিবলৈ লৈছিল। এনে অৱস্থাত বিগত হোলী উৎসৱৰ সময়ত হোৱা বৰষুণে জীপাল কৰি তুলিছে বৰো ধানৰ খেতি। পলমকৈ হ’লেও ধৰালৈ বৰষুণ নামি অহাত কৃষকক মুখত হাঁহি বিৰিঙাইছে। ইফালে পশ্চিম গুৱাহাটীৰ অন্যতম কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ধাৰাপুৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ মাজৰ ৰাণী চাপৰিতো বৰষুণে তাত কৃষি কৰ্ম কৰি অহা চাৰি শতাধিক কৃষকৰ মুখলৈ হাঁহি আনিছে। এই সন্দৰ্ভত ৰাণী চাপৰি কৃষক সেৱা সমিতিৰ সভাপতি লোহিত কলিতা আৰু সম্পাদক অক্ষয় কলিতাই জানিবলৈ দিয়া মতে পলমকৈ হলেও অহা বৰষুণে ৰাণী চাপৰিত কবি, শাক – পাচলি, বেঙেনা, বিলাহী, লাউ আদিৰ খেতি কৰা কৃষক সকলক বহুখিনি সকাহ দিছে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা