দীর্ঘদিন ধৰি অব্যাহত থকা অনাবৃষ্টিৰ পিছত ফাগুনৰ শেষত হোৱা বৰষুণে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ বৰো ধানৰ খেতিয়কৰ মুখত হাঁহি বিৰিঙাইছে। একেৰাহে বহু মাহ ধৰি বৰষুণ নোহোৱাৰ ফলত পানীৰ অভাৱত বৰো ধানৰ পথাৰত ছিঁৰাল ফাঁট মেলিছে। বৰো ধান খেতিত ব্যস্ত আজাৰা ৰাজহ চক্ৰৰ বিভিন্ন ঠাইৰ চহা কৃষক সকল চিন্তিত হৈ পৰিছিল। এই সন্দৰ্ভত বৰো ধানৰ খেতি কৰি অহা দীপৰ বিলৰ সমীপৰ দেউচতালৰ উদীয়মান কৃষক তথা বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি বলেশ্বৰ ৰংপী, পাটগাঁৱৰ ৰাজেশ বড়োকে ধৰি একাংশ কৃষকে জানিবলৈ দিয়া মতে দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাত ধাননি পথাৰত দেখা দিয়া পানীৰ অভাৱে কৃষকসকলক চিন্তিত কৰি পেলাইছিল। কৃষকে পথাৰত কপালৰ ঘাম মাটিত পেলাই ৰোপণ কৰা বৰো ধানত পানীৰ অভাৱ হোৱাত খেতি পথাৰত ফাঁট মেলিবলৈ লৈছিল। এনে অৱস্থাত বিগত হোলী উৎসৱৰ সময়ত হোৱা বৰষুণে জীপাল কৰি তুলিছে বৰো ধানৰ খেতি। পলমকৈ হ’লেও ধৰালৈ বৰষুণ নামি অহাত কৃষকক মুখত হাঁহি বিৰিঙাইছে। ইফালে পশ্চিম গুৱাহাটীৰ অন্যতম কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ধাৰাপুৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ মাজৰ ৰাণী চাপৰিতো বৰষুণে তাত কৃষি কৰ্ম কৰি অহা চাৰি শতাধিক কৃষকৰ মুখলৈ হাঁহি আনিছে। এই সন্দৰ্ভত ৰাণী চাপৰি কৃষক সেৱা সমিতিৰ সভাপতি লোহিত কলিতা আৰু সম্পাদক অক্ষয় কলিতাই জানিবলৈ দিয়া মতে পলমকৈ হলেও অহা বৰষুণে ৰাণী চাপৰিত কবি, শাক – পাচলি, বেঙেনা, বিলাহী, লাউ আদিৰ খেতি কৰা কৃষক সকলক বহুখিনি সকাহ দিছে।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ