সপ্তম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান-ভাৰতৰ গণতন্ত্ৰৰ প্ৰতি কোনো ভাবুকি অহা নাই ; প্ৰধানমন্ত্ৰীৰ বিশেষ পৰামৰ্শদাতা, কূটনীতিবিদ দীপক ভ’ৰা

0 216

দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ কিছুদিন আগতে একাংশ প্ৰাক্তন আমোলা – বিষয়াই দেশৰ বিভিন্ন প্ৰান্তত ঘটি থকা কিছুমান বিক্ষিপ্ত ঘটনাৰ আলম লৈ এখন চিঠি লিখিছিল। চিঠিখনত এনে বিক্ষিপ্ত ঘটনা আৰু কেন্দ্ৰীয় চৰকাৰখনে এইক্ষেত্ৰত নীৰৱ ভূমিকা গ্রহণ কৰা বাবে দেশত গণতন্ত্ৰ দুৰ্বল হোৱা বুলি অভিযোগ কৰিছিল। কিন্তু চিঠি লিখি গণতন্ত্ৰ দুৰ্বল হোৱা বুলি অভিযোগ কৰা আমোলা – বিষয়াসকলৰ অভিযোগ খণ্ডন কৰিছে প্রধানমন্ত্ৰীৰ বিশেষ পৰামৰ্শ দাতা, কূটনীতিবিদ আৰু প্ৰাক্তন ৰাষ্ট্রদূত, দীপক ভ’ৰাই। পহিলা মে’ৰ সন্ধিয়া গুৱাহাটীৰ বেতকুছিস্থিত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ সভাগৃহত প্ৰয়াত অধ্যাপক শৰৎ মহন্তৰ ৮৫ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি শৰৎ মহন্ত ফাউণ্ডেছনৰ উদ্যোগত অনুষ্ঠিত সপ্তম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠানত ‘মেগাট্ৰেণ্ডচ আণ্ডাৰ বৰ্ল্ড’ ২০২৫ বিষয়ক বক্তৃতানুষ্ঠানত মূল বক্তৃতা প্ৰদান কৰি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰীৰ বিশেষ পৰামৰ্শদাতা দীপক ভ’ৰাই । দীপক ভ’ৰাই কয় ভাৰতত গণতন্ত্ৰ দুৰ্বল হোৱা বুলি কৰা অভিযোগ সত্য নহয়। বৰঞ্চ ভাৰতত গণতন্ত্ৰৰ পৰিকাঠাম শক্তিশালী আৰু ইয়াৰ ভেটি মহাভাৰতৰ দিনৰে পৰাই আছে। দেশত গণতন্ত্র থকা বাবেহে তেওঁলোকে গণতন্ত্ৰৰ ধাৰা ব্যাহত হোৱা বা গণতন্ত্র দুর্বল হোৱা বুলি অভিযোগ দিব পাৰিছে। যদি দেশত গণতন্ত্র নাথাকিলেহেঁতেন তেন্তে এই অভিযোগৰ কথাই নাহিলেহেঁতেন। ভাৰত সম্প্রতি চাৰিটা প্ৰত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হৈছে। স্বাস্থ্য, জলবায়ুৰ পৰিৱৰ্তন, সাগৰীয়া জলপথ, উদ্ধাৰ কৰা আৰু নতুন প্রযুক্তিবিদ্যাৰ সৈতে মোকাবিলা। সম্প্রতি ভাৰতে ক’ভিড-১৯ দুটাকৈ ঢৌৰ সৈতে মুখামুখি হৈ দুয়োটা ঢৌক পৰাজিত কৰিবলৈ সক্ষম হৈছে। অৱশ্যে ক’ভিডৰ ভয়াৱহতা এতিয়াও আঁতৰি যোৱা নাই বা কেতিয়া শেষ হ’ব তাৰ কোনো নিশ্চয়তা নাই। ক’ভিডৰ পূৰ্বৰ অৱস্থা আৰু ক’ভিডৰ পৰৱৰ্তী অৱস্থা, দুয়োটাকে ভাৰতে নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছে। ক’ভিডৰ দ্বিতীয় ঢৌৱে দেশক ২০২১ চনৰ এপ্রিল মাহত আক্ৰমণ কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থা, ইউৰোপ , আমেৰিকাকে ধৰি বিশ্বৰ বহু উন্নত দেশে ভাৰতে সেই ঢৌক নিয়ন্ত্রণ কৰিব পাৰিব নে নাই তাক লৈ সন্দেহ ব্যক্ত কৰিছিল। কিন্তু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ক’ভিডৰ দ্বিতীয় ঢৌক নিয়ন্ত্ৰণ কৰাই নহয়, সেই সময়ত দেশৰ ৰাইজক ১০ লাখ মেট্রিকটন চাউল বিনামুলীয়াকৈ যোগান ধৰিছিল। এতিয়া ভাৰত আগৰ দৰে হৈ থকা নাই। নৰেন্দ্ৰ মোদীৰ সৰল নেতৃত্বক বিশ্ব সম্প্রদায়ে স্বীকৃতি দিয়াই নহয়, মোদীৰ আহ্বান মৰ্মে ৰাষ্ট্ৰসংঘৰ ১৯৩ খন সদস্যৰাষ্ট্ৰৰ ভিতৰত ১৭৭ খনেই অন্য নাভিক যোগ দিৱসৰ কাৰ্যসূচী পালন কৰি আহিছে। মাত্র ১০ মাহত ১২৫ কোটি বিনামূলীয়াকৈ ক’ভিডৰ প্ৰতিষেধক টীকা দিছে। আনহাতে, মই অসমক ভাল পাও, মোৰ নাম দীপক বুলি অসমীয়াতে আৰম্ভ কবি স্বভাৱসিদ্ধ ভংগমিাৰে এল চি ডি প্রজেক্টৰ সহায়ত ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ, ভাৰতৰ সৈতে চীন-পাকিস্তানৰ দ্বি – পাক্ষিক সম্পৰ্ক আদিৰ শেহতীয়া স্থিতিৰ বিষয়ে বাখ্যা দাঙি ধৰে। আনহাতে জনপ্ৰিয় শিল্পী জুবলী বৰুৱাৰ এটি ভক্তিমূলক গীতৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে প্ৰাইড ইষ্ট ইণ্টাৰপ্ৰাইজৰ অধ্যক্ষ ৰিণিকী ভূঞা শৰ্মাই।
অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়কদ্বয় লৰেন্স ইছলাৰী আৰু জয়ন্তমল্ল বৰুৱা, অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত , বিশেষ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং আৰু মুকেশ আগৱাৰৱালা , অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ নাথকে ধৰি কেবাগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া, অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, গৃহ সচিব দিগন্ত বৰুৱা , পৰিবহণ আয়ুক্ত আদিল খানকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া , প্রাক্তন উপাচার্য ড° অমৰজ্যোতি চৌধুৰী, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্ত, অভিনেতা যতীন বৰা, অভিনেত্রী মলয়া গোস্বামী, মৃদুলা বৰুৱাকে ধৰি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত কেবাগৰাকী পুৰোধা ব্যক্তি, বিশিষ্ট সাংবাদিক প্রশান্ত ৰাজগুৰু, নৰেশ কলিতা, উৎপল বৰুৱা, বাছবীৰ হুছেইনকে ধৰি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত কেবাগৰাকী বিশিষ্ট ব্যক্তি, অধ্যাপক শৰৎ মহন্তৰ সহধর্মিনী মীনা মহন্ত, পুত্রদ্বয় ক্ৰমে গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত আৰু নাজিৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সাব্যসাচী মহন্ত, জীয়ৰী তথা নতুন দিল্লীৰ জিন্দাল গ্লোৱেল ইউনিভাৰ্চিটিৰ ৱমেন ষ্টাডি এণ্ড ল’ৰ ডীন তথা1 গুৰু ড° উপাসনা মহন্তকে ধৰি পৰিয়ালৰ কেবাজনো সদস্য , শৰৎ মহন্ত ফাউণ্ডেছনৰ ককেবাজনো কর্মকর্তা উপস্থিত আছিল। উল্লেখযোগ্য যে ১৯৩৭ চনৰ পহিলা মে’ত শিৱসাগৰ জিলাৰ নাজিৰাৰ ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰীচলিহা বাৰেঘৰ সত্ৰত এটি সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা অধ্যাপক শৰৎ মহন্তই শিৱসাগৰ মহাবিদ্যালয়ত বুৰঞ্জী বিভাগত ৩৩ বছৰ অধ্যাপনা কৰি মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। বুৰঞ্জীৰ ছাত্ৰ হিচাপে পৰিচয় দি ভাল পোৱা অধ্যাপক শৰৎ মহন্তই ২০১৩ চনৰ ১৮ জুনত মৃত্যু হোৱাৰ আগলৈকে শিৱসাগৰ প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.